পৃষ্ঠা:স্বাধীন অসমৰ অ আ ক খ.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ 82 ] আমাৰ দেশৰ বুৰঞ্জী মহাভুতি বৰ্ম্মন ৰজ| আছিল মহাজ্ঞানী। অশ্বমেধ যজ্ঞ কৰায় নাগৰ ব্ৰাহ্মণ আনি॥ মগধৰ ৰজাৰ লগত আছিল সখিয়তি। হাটকেশ্বৰ শিৱক পূজে বেদমন্ত্ৰ মাতি॥ ভাস্কৰ বৰ্ম্ম। মহাবীৰৰ শশাঙ্কৰ লগত ৰণ। হিউৰেন্থ-চাঙ চীনা ঋষিব কামৰূপ আগমন | শ্ৰীহৰ্যদেৱ বৰবিক্ৰমী শালস্তম্ভ বংশ। যুদ্ধত জিকে বঙ্গ বিহাৰ উড়িষ্যাৰ অংশ॥ হৰ্জ্জৰবৰ্ম্ম। কৃতকৰ্ম্মা হাজৰা-পুখুৰী খানে। সুচিত্তৰ শিলালিপি তেজপুৰৰ ঘাটৰ পিনে॥ ৰত্ন পালৰ দুৰ্জ্জয়া নগৰ হোজাইৰ ওচৰত। ৰজা প্ৰজা নানা দেশৰ কঁপে তেওঁৰ ভয়ত ধৰ্ম্মপালে পিচত নগৰ স্থাপিছিল কামপুৰ। মিকিৰহাটি, গোঁসাই জুৰিত কীৰ্ত্তি তাৰ ভৰপুৰ। তিঙ্গ্যদেৱৰ ভিঙ্গ্যেশ্বৰ শিৱ তেজপুৰ নগৰ। বীৰ বেশেৰে প্ৰাণ ত্যজে ৰণত বঙ্গালৰ॥ বঙ্গ ৰজা কুমাৰ পালৰ বৈদ্যদেৱ সেনাপতি। কামৰূপ জয় কৰি হল বৈদগড় অধিপতি।