পৃষ্ঠা:স্বাধীন অসমৰ অ আ ক খ.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[ ৪৪ ]

পৰীক্ষিতক দংশন কৰিল তক্ষক সৰ্পৰাজ।
কালিয় নাগে লখিন্দাৰক লোহৰ ঘৰৰ মাজ॥
দুফলা সাপৰ জিভা—কলমৰ মুখ।
সেই কাৰণে ওলায় তাতে সুখ আৰু দুঃখ॥
সেই কাৰণে বেগাই কলম চলে সাপৰ দৰে।
কাকো সদ্য ৰজা বনায়—কাকো ঘাইল কৰে॥
সাপৰ মূৰত মণি থাকে—বিহ থাকে জিভাত।
সেই কাৰণে ভাল বেয়া দুয়ো ওলায় তাত॥
খগৰাজ সাপৰ শত্ৰু তাৰ পাখি আনি।
আগৰ কালত কলম বনায় প্ৰাচীন কালৰ জ্ঞানী॥
ভাল মন্দ সবাৰে স্থিৰ কৰে বিচাৰ কৰি।
সেই কাৰণে কলমৰ ঠাই কৰ্ণৰ উপৰি॥
আজি কালি ভিন্‌ ভাৱ হ'ল, ভিন্ হ’ল সবাৰ মতি৷
সেই কাৰণে জেপৰ মাজত কলমৰ বসতি॥
আজি কালিব কলমবোৰৰ পেটত ভৰা কালি
মুখখন সদাই চাক্‌চিকুন—দেখাত সোণোৱালী॥
লেখা কথাত পেটৰ কথাত থাকে ভেজাভেদ।
কেতিয়াবা টান হৈ পৰে পোৱা তাৰ সম্ভেদ॥