পৃষ্ঠা:স্বাধীন অসমৰ অ আ ক খ.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[41] আমাৰ দেশৰ প্ৰাচীন কবি মাধৱ কন্দলিয়ে ৰচে অসমীয়৷ ৰামায়ণ। শঙ্কৰ দেৱে ৰচনা কৰে ভাগৱত, কীৰ্ত্তন || মাধৱদেৱে ৰচনা কৰিলে ঘোষ৷ ৰত্নাৱলী। কাণ-খোৱ৷ নাম পুথি লিখে শ্ৰীধৰ কন্দলি॥ মহাভাৰত ৰচে কবি হেম সৰস্বতী। ‘ৰত্ৰাসুৰ বধ’ ৰচে শ্ৰীচন্দ্ৰ ভাৰতী॥ বেহুলাৰ গীত ৰচে লুকৰি নাৰায়ণ। ‘সুকনানী’ নামে খ্যাত মধুৰ গায়ন॥ দুৰ্গাৱৰ কবিয়ে ৰচে গীত বিষহৰি। ওজাপালিয়ে গায় সদা নাম দুৰ্গাৱৰী॥ ভট্টদেৱে ৰচনা কৰে ভাগৱত-কথা। গোবিন্দ মিশ্ৰই ৰচে অসমীয়া গীতা॥ আনন্দৰাম বৰুৱা আছিল সংস্কৃতত পণ্ডিত। অলেখ গ্ৰন্থৰ টীকা তেওঁৰ আজিও সুবিদিত॥ আমাৰ দেশৰ মহাকবিক কৰে। নমস্কাৰ! সাহিত্যত ৰতি হোক—দেশৰ উদ্ধাৰ॥