পৃষ্ঠা:স্বাধীন অসমৰ অ আ ক খ.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ 8 ] বৰপেটাৰ বজালি গাৱঁত দাৰোগাৰ অত্যাচাৰ। ম’তা মাইকি ভয়ত কঁপে—কৰে হাহাকাব॥ অত্যাচাৰীৰ অত্যাচাৰ—কৰিবলৈ নুই। আগবাঢ়ি মৰে ৰাউতা বড়ো—বাকী থাকিল দুই॥ ৩-১=২ মদন বৰ্ম্মণ, দয়াল পণিকা, কোচ সৰুৰাম। লক্ষ্মীৰাম, ঠগীৰাম সূত, মুকুন্দ বলে।ৰাম || মিলিটাৰিৰ গুলিত মৰি—ৰাখিলে তেজৰ ৰেখ। কাম্য আমাৰ স্বাধীনতা—কাম্য আমাৰ এক॥ ২-১-১ ইংৰাজ গ'ল নিজৰ দেশলৈ—ভাৰত হ’ল স্বাধীন। ধৰ্ম্মচক্ৰযুক্ত নিচান—তিন ৰঙ্গা তাৰ চিন্॥ দেশৰ কাৰণে প্ৰাণ ত্যজিলে দেশৰ বীৰ সন্তান। নাথুৰামে গুলি মাৰি হৰিলে গান্ধীৰ প্ৰাণ॥ লৰাই কান্দে—বুঢ়৷ই কান্দে—কান্দে ভাৰত আই। শূণ্য আজি গোটেই ভাৰত—মহাত্ম৷জি নাই॥ ১-১=