পৃষ্ঠা:স্বাধীন অসমৰ অ আ ক খ.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ৩৯ ] নগাওঁ জিলাৰ বাপুজীয়া গাওঁ—বীৰ পূজাৰ থান। শান্তি সেনাই ৰাখিলে তাত—স্বাধীন চেতাৰ মান॥ সেনানায়ক তিলক ডেকাৰ মিলিটাৰিত নাই ভয়। গুলিৰ আগত ত্যজিলে প্ৰাণ বাকী থাকিল ছয়॥৭ জাতীয় নিচান লৈ গৈ কৰিব স্থাপন। ঢেকিয়াজুলিত ‘মৃত্যুসেন৷’ কৰিলে গঠন॥ বীৰ নেত| মনবৰ নাথে নিচানলৈ কৰে নাচ। গুলিৰ কোবত প্ৰাণ ত্যজে বাকী থাকিল পাঁচ॥ ৬–১–৫ মনবৰ নাথৰ বীৰ মাতৃ শ্ৰীমতী খহুলি। লগতে আছিল তেওঁৰ নুমলী, কুমলী॥ তিলেশ্বৰী, পদুমী আৰু মঙ্গল ভিখাৰী। মহীৰামৰ সৈতে মলি—বাকী থাকিল চাৰি॥ ৫-১-৪ প্ৰজাৰ ওপৰত অত্যাচাৰ জৰিমানা পাইকাৰী। মাটি বাটি সোণ ৰূপ বেচি আনে মিলিটাৰি নিধনৰামৰ একো ধন নাই অৱস্থা বৰ হীন। গুলিৰ আগত দিলে প্ৰাণ বাকী থাকিল তিন॥ ৪