পৃষ্ঠা:স্বপ্ন চৰিত.djvu/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ২ )


চিন্তা দুঃখেন শোকেন ব্যাধি গ্ৰস্তেন বা পুন।
কামোৎসুকেন চিত্তেন স্বপ্নে নফল ভাগভবেৎ।।
চিন্তান্বিত দুঃখিত শোকাৰ্ত্ত বেমাৰী আৰু কামাৰ্ত্ত
লোকে স্বপ্ন দেখিলে সেই স্বপ্ন নফলিয়াই।

জড়ো মুত্ৰ পুৰীযেন পীড়িতশ্চ ভয়াকুলঃ।
দিগম্বৰো মুক্ত কেশো নলভেৎ স্বপ্নজং ফলং।।
বিষ্ঠা, মুত্ৰেৰে লিপ্ত, ৰোগী, ভয়াতুৰ, উলঙ্গ ও চুলি
মেল খাই থকা লোকে স্বপ্ন দেখিলে ফল নেপাই।

দেবতাচ দ্বিজা গাবঃ পিতৰৌ লিঙ্গিন স্তথা।
যস্বদম্ভি বৰং স্বপ্নে তত্তথৈব ভবিষ্যতি৷।
স্বপ্নত দেৱতা, ব্ৰাহ্মণ, গৰু, পিতৃ সকল আৰু সন্ন্যা-
সীয়ে যি কথা কয়, সেই কথা দিঠকত অৱশ্যে ফলে॥

শুক্লাম্বৰধৰা নাৰী শুক্ল গন্ধানুলেপনা।
অবগূহতি যং স্বপ্নে তস্য শ্ৰীঃ সৰ্ব্বতঃ সুখং।৷
বগা কাপোৰ, বগা চন্দন লোৱা মাইকী মানুহে স্বপ্নত
যাক আলিঙ্গন কৰে তেওঁৰ শ্ৰী আৰু সুখ বাঢ়ে।

পীতাম্বৰ ধৰা নাৰী পীত গন্ধানুলেপনা।
অবগূহতি যং স্বপ্নে লক্ষীস্তস্য বিনিদ্দিশেৎ।।