পৃষ্ঠা:স্বপ্ন চৰিত.djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৩ )


 হালধিয়া কাপোৰ আৰু চন্দন পিন্ধা মাইকী মানুহে যাক আলিঙ্গন কৰে তেওঁৰ সম্পত্তি বাঢ়ে।

স্বপ্নাতে কুৰুতে ক্ষৌৰং নিৰ্গদস্য গদস্য বা।
আসম মৰণং তস্য ধন পুত্ৰ বিনাশনং।৷

 যদি স্বপ্নত নাপিতে মুৰ খুৰুৱা দেখে তেন্তে বেমাৰী বা সুস্থ শৰীৰ হলেও তেওঁৰ আসন্ন মৃত্যু ও ধন পুত্ৰ বিনাশ হব।

দন্তা যস্যবিশীৰ্যন্তে স্বপ্নান্তে প্ৰপতন্তিচ।
ধননাশো তষেত্তস্য পীড়া বাপি শৰীৰজা।

 স্বপ্নত দাঁত বোৰ লৰা আৰু সৰিপৰা যেন দেখিলে তেওঁৰ নিশ্চয় ধন নাশ হব, নতুবা শৰীৰত অনেক বেমাৰ উপস্থিত হ’ব।

অভ্যঙ্গো বস্তু তৈলেন মধুনচি ঘৃতেন বা।
কুৰুতে দুঃখ মাপ্নোতি ব্যাধিঞ্চ বধ বন্ধনং।৷

 তেলেৰে, মৌৰে, ঘিঁউৰে, স্বপ্নত, গা ঘঁহা দেখিলে, সেই মানুহৰ ৰোগ, দুঃখ নতুবা দুৰ্দ্দশা ঘটে।

ৰথং হৰিণ সংযুক্তমেকাকী যোহধিৰোহতি।
ঊষ্ট্ৰং বা মহিষং বাপি তস্যমৃত্যু ব্বিনিৰ্দ্দিশেৎ।৷