পৃষ্ঠা:স্বপ্ন চৰিত.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৯ )


ক্ষীৰং পিবতি যঃ স্বপ্নে সফেনঃ দোহনী কৃতং।
সোম পানং ভবেত্তস্য তৎ পূৰ্ব্বং হেতুমাদিশে॥

সপোনত যি বেগেতে খিৰোৱা ফেন উঠি থকা গৰুৰ গাখীৰ পি খাই তেওঁৰ যজ্ঞ ভাগ পাবৰ পৃৰ্ব্ব লক্ষণ।

ৰুধিৰং পিবতি স্বপ্নে সুৰাম্বাপি কথঞ্চন।
ব্ৰাহ্মণো লভতে বিদ্যা মিতৰো লভতেধনং।৷

স্বপ্নত নিজে মদ বা তেজ খোৱা দেখিলে ব্ৰাহ্মণে বিদ্যা আৰু অন্য জাতিয়ে ধন পায়।

আদিত্য মণ্ডলং স্বপ্নে চন্দ্ৰম্বা যদি পশ্যতি।
পুত্ৰশ্চ জায়তে তস্য প্ৰতিষ্ঠাঞ্চ বিনিদ্দিশেৎ॥

স্বপ্নত সূৰ্য্য বা চন্দ্ৰ মণ্ডল দেখিলে তেওঁৰ পুত্ৰ আৰু বিদ্যাদিৰে যশস্যা লাভ হয়।

বানৰীং কুক্কটীং ক্ৰৌঞ্চীং লব্ধাযং প্ৰতি বুদ্ধ্যতে
সভাৰ্যং লভতে হৃদ্যাং সৰলাং প্ৰিয় দৰ্শনাং॥

স্বপ্নত বান্দৰী, মাইকী কুকুৰা, মাইকী কৰ্চ্চন চৰাই দেখি সাৰ পালে, তেওঁ সুন্দৰী কন্যা বিয়া কৰাবলৈ পায়।