পৃষ্ঠা:স্বপ্ন চৰিত.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৮ )


লোৱেৰে বন্ধা, আৰু গাত বিষ্ঠা লেপা, এই সকল অতিশয় শুভ।

আসনে শয়নে যানে শৰীৰে বাহনে গৃহে॥
জ্বল মানে বিবুদ্ধ্যেত তস্য শ্ৰীঃ সৰ্ব্বতঃ সুখং॥

নিজৰ আসন, বিচনা, গাড়ি, যান, গাৰ কাপোৰ,ঘৰ এই বিলাক জুই লগা দেখি সাৰ পালে তেওঁৰ শ্ৰী, সম্পত্তি ও সুখ বাঢ়ে।

দধিদৃষ্টা ভবেদ্ধদ্ধিঃ গোধুমেন ধনা গমঃ।
যবৈৰ্য্য জ্ঞাগমো বিদ্যালাভঃ সিদ্ধাৰ্থ কেনচ।
ফলিতং ফলিতে বিদ্যাৎ পুষ্পিনে বৃদ্ধি মাপ্নুয়াত।

দৈ গাখীৰ দেখিলে উন্নতি হয়, ঘেহুঁ দেখিলে ধন য-ধান দেখিলে যজ্ঞ ভাগ পায়, সেৱা সৰীয়হত অৰ্থ-লাভ হয়, ফলিত গছ দেখিলে কামনা পূৰ্ণ হয়, আৰু ফুল গছ দেখিলে উন্নতি বাঢ়ে।

উৰগো বৃশ্চিকো বাপি জলৌকা দৃশ্যতে যদি।
বিজয়ঞ্চাৰ্থ লাভশ্চ পুত্ৰ লাভো ভবে দিতি॥

সাপ, বিছা, জোক, এই বিলাক দেখিলে বিবাদত তেওঁৰ জয়, অৰ্থ ও পুত্ৰ লাভ হয়।