পৃষ্ঠা:স্বপ্ন চৰিত.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৬ )


গুৰি কটা বা আপুনি উভলি পৰা গছ, শিলা বৃষ্টি তূহ, খুৰ তেজ আঙ্গাৰ, আৰু ছাই বৰষুণ, এই বিলাক দেখিলে দুখ পাব লাগে।

স্বপ্নেচ বালিকা ন্দৃষ্ট্বা লদ্ধা স্ফটিক মালিকাং
ইন্দ্ৰছাপং শুক্ল ঘনং সুপ্ৰতিষ্ঠাং লভেদ্ধ্ৰবং॥

স্বপ্নত ছোৱালী লৰা দেখিলে আৰু স্ফটিকৰ মালা পালে, ইন্দ্ৰ ধনু আৰু বগা মেঘ দেখিলে তেওঁৰ কীৰ্ত্তি লাভ হয়।

দিব্যা স্ত্ৰি যং প্ৰবদতি মম স্বামী ভব প্ৰভো।
স্বপ্নে দৃষ্ট্বাচ চি জাগত্তিস চ ৰাজালভেদ্ধ্ৰবং।৷

সুন্দৰী তিৰোতাই যাক তুমি মোৰ স্বামী হোৱা বুলি কয়, এই সপ্ন দেখি সাৰ পালে নিশ্চয়ে তেওঁ ৰজা হব লাগে।

স্বপ্নে বিপ্ৰো প্ৰবদতি মম দাসো ভবেতিচ।
হৰিদাসস্য তদ্ভক্তিং লব্ধা স বৈষ্ণবো ভবেৎ।

স্বপ্নত ব্ৰাহ্মণে যদি কোনো লোকক কয় যে তুমি মোৰ দাস হোৱাঁ তেনেহলে তেওঁ বৈষ্ণবৰ সেৱা কৰি হৰি ভক্তি পায় বৈষ্ণব হব লাগে।