পৃষ্ঠা:স্বপ্ন চৰিত.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৫ )


যঃ পশ্যতি মৃতং স্বপ্নেস চিৰায়ুৰ্ভবিষ্যতি।
আৰোগী ৰোগীণং দুঃখী সুখিনঞ্চ সুখী ভবেৎ॥

স্বপ্নত যাক মৰা দেখে সি দীৰ্ঘজীবি হয়, নিৰোগী লোকে ৰুগীয়া মানুহ দেখিলে ৰুগীয়া, ও সুখীয়া লোক দেখিলে সুখী হয়।

ক্ষাৰ কুণ্ডেষু চুৰ্ণেষু মৃত্যু স্তেষাং নসংশয়ঃ।
বলাৎ গৃহ্লাতি বস্ত্ৰঞ্চ ছত্ৰঞ্চ তস্য মস্তকাৎ।
পিৰ্ন্নাত্তশো ভবেত্তস্য গুৰোৰ্ব্বাপিনৃপস্যচ॥

খাৰ ও চুনৰ কুণ্ডত পৰিলে মৃত্যু হয়, আৰু যদি কোনো লোকে গাৰ বস্ত্ৰ বা মুৰৰ ছাতি কাঢ়িলৈ যায় তেন্তে তেওঁৰ পিতা গুৰু নতুবা সেই দেশৰ ৰজাৰ মৃত্যু হয়।

ৰথ গেহ বৃক্ষ শৈল গোহস্তি তুৰগাম্বৰাৎ।
ভূমৌ পততি যঃ স্বপ্নে বিপত্তিস্তস্য নিশ্চিতং॥

ৰথ, ঘৰ, গছ, পৰ্ব্বত, গৰু, হাতি, ঘোৰা আকাশ এই বিলাকত উঠি তাৰ পৰা মাটিত খহি পৰিলে তেওঁৰ বিপদ হয় ,

ছিন্ন বৃক্ষং পতন্তঞ্চ শিলা বৃষ্টিং তুষ ক্ষুৰং।
ৰক্তাঙ্গৰ ভষ্ম বৃষ্টিং দৃট্বা দুঃখ মবাপ্নুয়াৎ।৷