পৃষ্ঠা:স্বপ্ন চৰিত.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১১ )


পূৰ্ণ কুম্ভং দ্বিজং বহ্নিং পুষ্পং তাম্বুল মন্দিৰং।
শুক্ল ধান্যং নটং বেশ্যাং দৃটা শ্ৰিয় মবাপ্নূয়াত।

পানী ভৰা কলহ, ব্ৰাহ্মণ, অগ্নি, বগাফুল, তামোল,পকা ঘৰ, বগধান, নট আৰু বেশ্যা এই বিলাকৰ কোনো এটা দেখিলে ধন বস্তু বাঢ়ে।

ভেলয়া সন্তৰেদ্ যোহি স প্ৰধানো ভবিষ্যতি।
আম্ৰাতকং ধাত্ৰী ফলং উৎপলঞ্চ ধনাগমঃ॥

নৈৰ পানীত ভূৰেৰে নিজে পাৰ হোৱা দেখিলে তেওঁ ৰজাৰ মন্ত্ৰীৰ পদ বা প্ৰধান হয়, আৰু অমৰা আমলখি ও ৰঙ্গা পদ্মফুল দেখিলে ধনপায়।

মৎস্যং মাংস মৌক্তিকঞ্চ শঙ্খং চন্দন হীৰকং।
যস্তু পশ্যতি স্বপ্নান্তে বিপুলং ধন মালভেৎ।

মাছ, মঙ্গহ, মুকুতা মণি, শঙ্খ, বগাচন্দন, আৰু হীৰা দেখিলে, তেওঁ বহুত ধন পায়।

কৱন্ধা যত্ৰ নৃত্যন্তি ধ্যায়ন্তি স্ফোটয়ন্তিচ।
দৌৰ্ম্মনস্যং ভবেত্তস্য পূনশ্চৈব বিনশ্যতি।

মুৰ নাইকিয়া শৱে নচা, ধ্যান কৰা ও দেও পৰা সপোনত দেখিলে মনোদুঃখ আৰু বিনাশ হয়।

[ ২ ]