পৃষ্ঠা:স্বপ্ন চৰিত.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১০ )


যস্তু পশ্যতি স্বপ্নাতে বিবাহং স্বাপদন্তথা।
গেহে নটাশ্চনৃত্যন্তি মৃত্যু স্তস্য নসংশয়ঃ।৷

স্বপ্নত বিয়া দেখিলে আৰু কুকুৰ আদি হিংসুক জন্তু দেখিলে ঘৰৰ ভিতৰত নটীৰ নাচ দেখিলে তেওঁৰ নিশ্চয় মৃত্যু হয়।

দেবাশ্চ যত্ৰ গায়ন্তি নৃত্যন্তিচ হসন্তিচ।
আস্ফোটয়ন্তি ধায়ন্তি ব্যাধি স্তস্য বিনিৰ্দ্দিশেৎ।৷

দেৱতাৰ প্ৰতিমাই গান গোৱা, হঁহা, নচা, দেও পৰা, মন মাৰি চিন্তা কৰা স্বপ্নত দেখিলে নিশ্চয় বেমাৰ হয়।

সৰ্ব্বানি শুক্লানি সুশোভনানি, কাৰ্পাস তস্মাস্থি বিবৰ্জ্জিতানি।
সৰ্ব্বানি কৃষ্ণানি বিনিন্দিতানি গো হস্তী দেৱ দ্বিজবৰ্জ্জিতানি॥

কপাহ, ছাই, হাৰ, এই বিলাক এৰি স্বপ্নত সকলো বগা বস্তু দেখা ভাল, কলা গৰু, হাতী, দেৱতা, ও, ব্ৰহ্মণ, এই বিলাকৰ বাহিৰে আন কলা বস্তু দেখা ভাল নহয়।