পৃষ্ঠা:স্বপ্ন চৰিত.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১২ )


কঙ্কবায়স গৃধ্ৰানাং শুকস্যচ বিশেষতঃ।
ভূত্বা মাংসানি স্বপ্নান্তে নৰো মৃত্যু মবাপ্নূয়াৎ

হাৰ গিলা, কাউৰী, শগুণ ও ভাতৌৰ মঙ্গহ সপোনত খোৱা দেখিলে শীঘ্ৰে মৃত্যু হয়।

পতনং যস্যবৈ গৰ্ত্তে স্বপ্নে দ্বাৰং পিধায়তে।
নচো ত্তিষ্ঠতি যঃ শ্বভ্ৰাত্ত দন্তংতস্য জীবিতং।৷

স্বপ্নত গাঁতত পৰি উঠিব নোৱাৰিলে আৰু তাৰ পৰা নৌ উঠোতেই সাৰ পালে, তেওঁৰ অয়ুষ সিমানেই শেষ বুলি জানিব লাগে।

প্ৰাণত্যক্তং মৃতং দৃষ্ট্বা মৃত্যুঞ্চ লভতে ধ্ৰুবং।
মৎসাদি ধাৰয়েদ যোহি উদভ্ৰাতুৰ্ম্মৰণং ধ্ৰুবং।৷

তৎক্ষনাত প্ৰাণ গৈ মৰা দেখিলে তেওঁৰো শীঘ্ৰে মৃত্যু হয়, আৰু পানীত মাছ, কাছ আদি ধৰিলে তেওঁৰ ভায়েক মৰিব লাগে।

দিব্যা স্ত্ৰী সম্মিতা বিপ্ৰাা ৰত্ন ভূষিতা।
যস্য মন্দিৰ মায়াতি সমিং লভতে ধ্ৰুবং।

যাৰ ঘৰলৈ স্বপ্নত অলঙ্কাৰ পিন্ধি হাঁহি মুখে সুন্দৰী ব্ৰাহ্মণৰ তিৰোতা অহাদেখে, নিশ্চয় সেই মানুহৰ সম্পত্তি হয়।