পৃষ্ঠা:স্বপ্ন চৰিত.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৯ )


কৃষ্ণাগুৰু চন্দনঞ্চ সদ্যোমাংসং সৰোৰুহং।
দৃষ্ট্বাচ পিষ্টকং স্বপ্নে অৰ্থলাভো নসংশয়ঃ।৷

অগৰু চন্দন, জীয়া মঙ্গহ, পদুম ফুল, পিঠা স্বপ্নত দেখিলে ধন লাভ হয়।

সুধা ৰুধিৰ মদ্যানাং পানাৎ ক্ষীৰস্য শোভনং।
জীবিতং ভূমি পালানাং সুহৃদমপি দৰ্শনং।৷

এৱাঁ গাখীৰ, তেজ, মদ, অমৃত, এই বিলাক পি খালে মঙ্গল হয়, ৰজা আৰু বন্ধু দৰ্শন হলে স্বাস্থ্যলাভ হয়।

কৃষ্ণাম্বৰ ধৰা নাৰী কৃষ্ণ গন্ধানুলেপনা।
অবগূহতি যৎ স্বপ্নে ৰোগং তস্য বিনিৰ্দ্দিশেৎ।৷

স্বপ্নত কলা কাপোৰ বা কলা চন্দন পিন্ধা তিৰোতাই আলিঙ্গন কৰা দেখিলে তেওঁৰ নিশ্চয় বেমাৰ হব।

অশোকং কবীৰঞ্চ পলাশং পুষ্পিতং তথা।
স্বপ্নমেতা দৃশং দৃষ্ট্বা নৰঃ শোক মবাপ্নুয়াৎ।৷

সপোনত ফুলিথকা অশোক, কৰবীৰ, পলাশ গছ দেখিলে শোক পায়।