পৃষ্ঠা:স্ত্ৰী-পৰ্ব্ব.djvu/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
স্ত্ৰী-পৰ্ব্ব

গান্ধাৰী সহিতে পাণ্ডৱ সকলৰ উত্তৰ প্ৰত্যুত্তৰ।

 

ডুলৰি।

অনন্তৰে দেবী, গান্ধাৰী বুলিলা,
 ভীমক, আতি বিমনে।
শুন শুন ভীম, কৰিলিহি যেন,
 তই অনিয়ম ৰণে॥
দুৰ্য্যোধন সমে, তোৰ যেবে ভৈল,
 গদাযুদ্ধ ভয়াঙ্কৰ।
তৈসানিয়ে তই, কৰিলিহি যেন,
 কৰ্ম্ম অতি গুৰুত্তৰ॥
নাভিৰ অধোত, গদা প্ৰহাৰিতে,
 নাহিকে শাস্ত্ৰ সম্মত।
তেবে তই কেনে,  ধৰ্মক উচ্ছেদি,
 কৰিলি উৰুত ঘাট॥
অনিয়মে ঘোৰ, মাৰিলিহি মোৰ,
 জ্যেষ্ঠ পুত্ৰ দুৰ্য্যোধন।
শতেক তনয়, মাৰি আছ তয়,
 বংশক কৰি উচ্ছন্ন॥