পৃষ্ঠা:স্ত্ৰী-পৰ্ব্ব.djvu/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
নাৰী পৰ্ব্ব।

তাতে আৰু তোৰ, সম্বন্ধত হোৱে,
 জ্যেষ্ঠ ভাতৃ দুৰ্য্যোধন।
তাঙ্ক তই কেনে,  আগ বাঢ়ি ৰণে,
 কৰিলি গদা ঘাটন॥
শাস্ত্ৰৰ বিৰোধ, কৰ্ম্ম আচৰিয়া,
 ভৈলিহি সোদৰ বধি।
ক্ষণেকতে তই, নাশি পুল্ৰগণ,
 কৰিলি স্বপোন নিধি॥
গান্ধাৰীৰ হেন, শুনিয়া বচন,
 ভয়ে কাস্পে ভৗমসেন।
আগ বাঢ়ি-কৰ যোৰ কৰি পাছে,
 বুলিবে লৈলাবচন॥
শুনা মাৱ যেন, তোমাত মেলাও,
 পূৰ্ব্বৰ যত কাহিনী।
আমাৰ প্ৰতিজ্ঞা, আছিল যেহেন,
 তাক তুমি আছাজানি॥
সিকাৰণে মই, আছৰিলো হেন,
 কৰ্ম্ম অতি গুৰুত্তৰ।
ৰণে তাঙ্ক আমি,  জিনিবে নোৱাৰি,
 অন্যায়ে চিন্তিলো মাৰ॥
ক্ষত্ৰিয়ৰ ধৰ্ম্ম, আছে যেনেকুৱা,
 তাক তুমি জানা মাৱ৷