পৃষ্ঠা:স্ত্ৰী-পৰ্ব্ব.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
স্ত্ৰী পৰ্ব্ব।

আসি হেন সময়ত, পৃথিবীয়ে বিনাৱন্ত,
 বিধতাৰ ধৰিয়া চৰণে।
নমো নমো ব্ৰহ্মাদেৱ,  তযু পাৱে কৰো সেৱ,
 মোৰ গুৰু নাহি তুমি বিনে॥
এখনি গোচৰ কৰো,  মই মহা দুঃখে মৰো,
 শুনা কহো সমস্ত তোমাক।
ক্ষত্ৰি কুল লতি জাত,  মোক কৰে উতপাত,
 সেহি দুঃখ হন্তে ৰাখা মোক॥
পূৰ্ব্বে ভৈলা উৎপন্ন,  ৰাক্ষস দানৱগণ,
 মোক দুঃখ দিলেক অপাৰ।
জন্মি পাছে নাৰায়ণ, বিনাশিয়া দুস্টগণ,
 সিতো দুঃখে কৰিলা উদ্ধাৰ॥
এতিয়া সিসব খ্যাত,  ক্ষত্ৰি কুলে ভৈলা জাত,
 আৰু বাৰ মোক দিয়ে দুঃখ।
একো মতে পিতৃ মোৰ, নাহিকে দুঃখৰ ওৰ,
 অদ্যাপি নাহিকে মোৰ সুখ॥
নৰয় নৰয় প্ৰাণ, হেন দুঃখে কৰা ত্ৰাণ,
 তুমি সে আমাৰ আদি দেৱ।
তুমি মোৰ আদি কৰ্ত্তা,  সুখ দুঃখ মোক্ষ দাতা,
 তুমি বিনা মোৰ নাহি কেৱ॥
যদি তুমি উপকাৰ,  নকৰিবা মোক আৰ,
 তেবেতো যাইবোহো ৰসাতল।