পৃষ্ঠা:স্ত্ৰী-পৰ্ব্ব.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
নাৰী পৰ্ব্ব।

বিধিয়ে কৰিলে হেন, অন্ধ বৃদ্ধ পুত্ৰ হীন,
 সহো কেনে হেন হৃদি শাল॥
পুত্ৰৰ বিয়োগ দুঃখে,  গান্ধাৰী মৰিব শোকে,
 কায্য নাই মোৰো জীৱনত।
ভাগ্যে ৰাজ্য হৰুৱাইলো,  সুখৰো বঞ্চিত ভৈলো,
 কুখ্যাতিয়ো ৰৈল জগতত॥
এহি মতে ৰাজা শোকে, বিলাপ কৰন্ত দুঃখে,
 হেন সময়ত মুনি ব্যাস।
অন্ধকৰ দুঃখ জানি,  তথাকে আসিলা মুনি,
 পাইলা কুৰু নৃপতিৰ পাশ॥
ৰাজাক বিষাদ যুত,  দেখি পৰাশৰ সুত,
 বুলিলাহা বচন সাদৰি।
শুনা শুনা কুৰুবৰ, না কান্দিবা তুমি আউৰ,
 চিত্ত স্থিৰ কৰা ধৈৰ্য্য ধৰি॥
মিছাতে কৰিছা শোক, শৰীৰত দিছা দুঃখ,
 কপালেসে জানা আদি মূল।
আৰু শুনা কহো ময়,  পূৰ্ব্ব কাহি নিচয়,
 উপজিলা যত ক্ষত্ৰি কুল ॥
একদিনা মই গৈলো,  ব্ৰহ্মাৰ স্থানক পাইলো,
 দেখিলো উত্তম সভাখন।
নাৰদাদি মুনি বৰ্গ,  মাৰ্কও অঙ্গিৰা ভাৰ্গ,
 আছিল তহিতে মুনিগণ॥