পৃষ্ঠা:স্ত্ৰী-পৰ্ব্ব.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
নাৰী পৰ্ব্ব।

এহি বুলি বসুমতী,  মৌন হুয়া ৰৈলা সতী
 মন দুঃখ চিন্তিয়া সকল॥
পৃথিবীৰ বানী শুনি,  বিধতা মনত গুণি,
 পাছে তাঙ্ক দিলা সমিধান।
শুনিয়োক বসুমতী,  চিন্তা নকৰিবা অতি,
 শুনা বোলো বচন প্ৰমাণ॥
কৌৰৱ বংশত জাত, দুৰ্য্যোধন নামে খ্যাত,
 হৈব ধৃতৰাষ্ট্ৰৰ তনয়।
তান হন্তে তোমাসাৰ,  খণ্ডিবেক মহাভাৰ,
 মনে তুমি নকৰা সংশয়॥
পুনৰপি মহাসতী,  বুলিলা ব্ৰহ্মাক মাতি,
 হে পিতামহ শুনিয়োক।
কেন মতে দুঃখ ঘোৰ,  নিবাৰণ হৈবে মোৰ,
 প্ৰপঞ্চিয়া মোত কহিয়োক॥
শুনি ব্ৰহ্মা দেৱেতান্ত,  আৰু বাৰ বুলিলন্ত,
 আম্বাসিয়া মধুৰ বচন।
যেন মতে তোমোৰাৰ, গুচিবেক মহাভাৰ,
 শুনা কহে তাৰ বিবৰণ॥
চন্দ্ৰ বংশে উৎপন্ন,  কুৰু পাণ্ডু নাম ভিন্ন,
 একে সহোদৰ দুইজন।
ধৃতৰাষ্ট্ৰ হন্তে জাত,  দুৰ্য্যোধন আদি খ্যাত,
 হৈবে তান শতেক নন্দন॥