পৃষ্ঠা:স্ত্ৰী-পৰ্ব্ব.djvu/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৩
নাৰী পৰ্ব্ব।

মহা পঞ্চভুত হোৱে দেহত বিলয়।
কালে লুপ্ত হুয়া ইতো জীৱন তেজয়॥
অনিত্য শৰীৰ ইতো ক্ষণিক সংসাৰ।
এক তিলে মিলে আসি প্ৰাণীৰ সংহাৰ॥
তুমি কেনে বিষাদ ভাবিছা মহাৰাজ।
সংযোগ বিযোগ যত দৈবৰে সে কায॥
ইতো ব্ৰহ্মাণ্ডত চিৰজীবী লোক নাই।
জানি শুনি আত তযু শোক মুজুৱাই।
শুনা আৰু ভোগ ভুঞ্জি আছে ৰাজাগণ।
দৰিদ্ৰ বিলাকে মাগি কৰিছে ভোজন॥
কিন্তু কাল ভৈলে মৃত্যু আছে উভয়ৰে।
সুখী দুঃখী কালে তাক একো নিবিচাৰে॥
পাপে নমৰয় প্ৰাণী পুন্যে নিজীৱয়।
কালত মৰণ তাৰ অৱশ্যে মিলয়॥
কিন্তু সৰ্ব্ব শাস্ত্ৰে কহে পুন্য আচৰিব।
যমৰ যাতনা হন্তে তেহে নিস্তৰিব॥
তাহৰ প্ৰামাণ চোৱা পাণ্ডুৰ নন্দন।
পূৰ্ব্বে বহু আছিল ধাৰ্ম্মিক ৰাজাগণ॥
দীল্লিপ, মান্ধাতা, হৰিশ্চন্দ্ৰ মহামতি।
ভগিৰথ, শিবি আদি অনেক নৃপতি॥
তেহো সবে কৰিছিল নানা পুণ্য দান।
তথাপি কালত ভৈল সবাৰো নিৰ্য্য়ান॥