পৃষ্ঠা:স্ত্ৰী-পৰ্ব্ব.djvu/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৪
স্ত্ৰী পৰ্ব্ব।

চিৰ জীবী নভৈলেক মহা পুণ্য বলে।
ব্ৰহ্ম ভুবনতে মৃত্যু মিলিবেক কালে॥
জানা কেহো কাকো মাৰিবাক নপাৰয়।
কৰ্ম্ম অনুসাৰে প্ৰাণী আপুনি মৰয়॥
মৃগ মীনগণে কাকো হিংসা নাচৰয়।
জলে থাকে মীন, মৃগ বনত চৰয়॥
তথাপিতো দেখা তাৰ কালত মৰণ।
এতেকে জানি সবে কৰ্ম্মৰ লিখন॥
পাপ পুণ্য কিছু নজানয় শিশুগণ।
তথাপি কালত তাৰ মিলিছে মৰণ॥
জানিবা নিশ্চয় যত কালৰে সে গতি।
আছিল তোমাৰ বাপ পাণ্ডু নৰপতি॥
তেহো কৈক লাগি গৈল গুণি চোৱা মনে।
হেন কি শুনিছা লোক আছে অমৰণে॥
আছিল উপৰি বংশ যত নৃপগণ।
কাল প্ৰাপ্তে ভৈল জানা সবৰো মৰণ॥
যত দেখা পুত্ৰ ভাৰ্য্য়া বন্ধুবৰ্গ লোক।
মিছা মোৰ মোৰ কৰি পাই দুঃখ শোক॥
মৰিলে লগত কাৰো কেহো নযাইব।
সকলো কুটুম্ব মাত্ৰ চাহিয়া থাকিব॥
এতেকে জানিবা ৰাজা কেহো কাৰো নয়।
জীৱন্তে সম্বন্ধ মাত্ৰ জানিবা নিশ্চয়॥