পৃষ্ঠা:স্ত্ৰী-পৰ্ব্ব.djvu/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১২
স্ত্ৰী পৰ্ব্ব।

হৰি হৰি মই যেন পাতক কৰিলো।
ভাই বন্ধু জ্ঞাতি গুৰু সবাকো মাৰিলো॥
পৃথিবীৰ যত মানে ক্ষত্ৰি ৰাজাগণ।
মই পাতকীৰ হেতু সবাৰো মৰণ॥
পাপৰ নিস্তাৰ নেদেখোহোঁ ভগৱন্ত।
হোক প্ৰায়শ্চিত মোৰ প্ৰাণ কৰো অন্ত॥
শিশু হন্তে প্ৰতিপালি তুলিলে আমাক।
বাপ বুলি পঞ্চ ভাই জানিলো যাহাক॥
হেন ভীষ্ম পিতামহ ৰণত পাৰিলো।
শিখণ্ডীক আগে ৰাখি অনায়ে মৰাইলো॥
ইসব পাপত থাকি মৰণে উচিত।
ৰাজ্যে কাস্য নাহি মোৰ কৰি অবিহিত॥
এহি বুলি যুধিষ্ঠিৰ কৰয় ক্ৰন্দন।
হেন দেখি ব্যাসদেৱে বুলিলা বচন॥
বদতি পৰাশ সুত শুনা যুধিষ্ঠিৰ।
তুমি মহা বিজ্ঞ অতি ধৰ্ম্মাত্মা সুবীৰ॥
কি কাৰণে কৰা শোক ইতৰৰ নয়।
মৃতকৰ হেতু শোক উচিত নহয়॥
উপজিলে সকলোৰে আছয় মৰণ।
তাক এড়াইবাক পাৰে নাহি হেন জন॥
পদ্ম পত্ৰে জল যেন অথিৰ জীৱন।
যেনে তেনে একদিনা মিলিবে মৰণ॥