পৃষ্ঠা:স্ত্ৰী-পৰ্ব্ব.djvu/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১১
নাৰী পৰ্ব্ব।

পাণ্ডৱে নিলেক ধন জন ৰাজ্য সুখ।
দেশে গৈয়া আমি দেখি বোহোঁ কাৰ মুখ॥
শত পুত্ৰ তেজি মই অভাগা পামৰ।
কোন সুখ আশে যাওঁ হস্তিনা নগৰ॥
এহি বুলি ধৃতৰাষ্ট কৰিছে ক্ৰন্দন।
শুনি যুধিষ্ঠিৰ শোকে ভৈলা অচেতন॥
নিঢ়ালে পৰিলা নাহি চেতন সমূলি।
বিস্ময় মানিলা সবে প্ৰাণ গৈল বুলি॥
দেখি কৃষ্ণে তুলি ধৰিলন্ত তেতিক্ষণ।
কতোবেলি নৰপতি লভিলা চেতন॥
সন্ধুক্ষণ হুয়া ৰাজা বুলিলা বচন।
হে কৃষ্ণ মোৰ দেহে নাহি প্ৰয়োজন॥
জ্যেষ্ঠ বাপ কান্দিছে পুত্ৰক সুমৰিয়া।
নৰয় জীৱন মোৰ সি শোক দেখিয়া॥
ৰাজ্য লভি কোন মুখ ভুঞ্জিবো তহিতে।
সদাই কান্দিব ধৃতৰাষ্ট্ৰ হেন মতে॥
কিমতে সহিবো হেন সন্তাপ দাৰুণ।
বিষময় সুখে মোৰ নাহি প্ৰয়োজন॥
গান্ধাৰীয়ো সততে কান্দিব পুত্ৰ বুলি।
কুন্তী আই কৰ্ণ শোকে দগধ সমূলি॥
বিৰাট নন্দিনী কান্দিবেক স্বামী শোকে।
পুত্ৰ স্বামী সন্তাপে নিন্দিবে সবে মোকে॥