সমললৈ যাওক

পৃষ্ঠা:স্তুতি মালা.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০
স্ততিমালা
 

গীতাসাৰ স্তোত্র।(৩)

ফলত নকৰি আশ কর্ত্তব্যক মানি
 কৰ্ম্ম কৰে সেয়ে মহাজন;
আচল সন্ন্যাসী তেওঁ যােগীৰ প্রধান
 জানা ইটো গীতাৰ বচন।
কৰ্ম্মক আশ্ৰয় কৰি যোগী যােগ কৰে
 যােগসিদ্ধি কৰ্ম্মৰ কাৰণ
কৰ্ম্ম বিনে নিষ্কৰ্ম্মক যােগীও নাপায়
 কৰ্ম্মযােগ মােক্ষৰ সাধন।
সংকল্প বিকল্প নাই বিকাৰৰহিত
 কৰ্ম্ম কৰে সদায় নিষ্কাম ;
নিজ আত্মা সম জ্ঞান সকলো জীৱক
 সেহি যােগী চৰণে প্রণাম।
আত্মায় আত্মাৰ মিত্ৰ পৰম বান্ধৱ
 শক্ৰভাৱ আত্মাৰে বিকাৰ;
আত্মমনবিৰােধত ঘোৰ যুদ্ধ হয়
 আত্মজয় শত্ৰুৰ সংহাৰ।
পবিত্র মানবী দেহ পুণ্যকৰ্ম্মভূমি,
 কুৰুক্ষেত্ৰ তীৰ্থৰ সমান;
দশেন্দ্রিয় দশবৃত্তি কৌৰৱৰ প্রায়
 অন্ধমন ধৃতৰাষ্ট্ৰ যেন।