পৃষ্ঠা:স্তুতি মালা.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯
স্তুতিমালা


জগদ্ধাত্ৰী স্তুতি।

আধাৰ অধেয় তুমি বিশ্বজগতৰ
 ধৃতিৰূপ তুমি ধৰা;
জগতধাৰিণী দেবী অচলাস্বৰূপা
 জগতৰো ভাৰ হৰা।
সবাকাৰে দেবী তুমি শক্তিস্বৰূপিণী
 শক্তিৰূপ আছা ধৰি;
শাক্তাচাৰপ্ৰিয়া তুমি শাক্তৰ পূজিতা
 সেৱা কৰোঁ তযু পাৱে পৰি।
ভকতৰ জয়দাত্ৰী আনন্দৰূপিণী
 দেবাসুৰ নৰপ্ৰপূজিতা;
জয় জয় জগদ্ধাত্ৰী জগতব্যাপিনী
 জয় জয় জগতৰ মাতা।
অনু পৰমানু তুমি স্থূলসূক্ষ্মৰূপা
 প্ৰাণাপান তুমি পঞ্চবায়ু;
কালাকাল সৰ্ব্বৰূপ বৰপ্ৰদায়িনী
 জীৱ মাত্ৰে তুমি পৰমায়ু।
মহেশ্বৰী বৰাঙ্গনে আদ্যা মহামায়া
 দয়াৰূপা দুঃখবিমোচনী;
তোমাৰ চৰণে আই শৰণ পশিলোঁ
 ৰক্ষা কৰা শক্তি সনাতনী।

————০—————