পৃষ্ঠা:স্তুতি মালা.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩
স্তুতিমালা
 

শোভন যৌবন কাল দেখোঁতেই যায়
 বিষয়ৰ বিষ লাগে গাত;
পৰিবাৰপোষণৰ উপায় নেদেখি।
 অন্যায় আচৰোঁ অসংখ্যাত।
মায়াময়ী কামৰূপ মায়াৰ কাৰণ
 কৰা ছেদ মায়াৰ বন্ধন;
কামাখ্যা বৰদা দেবি ক্ষমা অপৰাধ,
 তোমাতেই পশিলোঁ শৰণ।
বাৰ্ধক্যত বুদ্ধিনাশ অবস শৰীৰ
 যতমানে ৰোগৰ বিকাৰ;
কৰ্ম্মহীন অসহায় চিন্তা দিনেৰাতি
 পুত্ৰে মিত্ৰে কৰে অবিচাৰ।
তথাপিও বিষয়ৰ বিষকেহে খাওঁ
 কিনো ঘোৰ অবিবেকী মন;
কামাখ্যা বৰদা দেবি ক্ষমি অপৰাধ
 মায়া হন্তে কৰা পৰিত্ৰাণ।
দান ধ্যান সজ কাম একো কৰা নাই
 নাই ভক্তি ভজন পূজন;
মিছাতেই দিন যায় কুকৰ্ম্মত মজি
 গতি মোৰ তোমাৰ চৰণ।
কামাখ্যা বৰদা দেবি ক্ষমা অপৰাধ
 তোমাতেই পশিলোঁ শৰণ॥