পৃষ্ঠা:স্তুতি মালা.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কামাখ্যা স্তুতি।

আগেয়ে জনম ধৰি তোমাৰ চৰণ
 নুপূজিলোঁ ভক্তি সহকাৰ;
সেহিসে কাৰণে আই জঠৰত পৰি
 ভুঞ্জি আছোঁ অশেষ নিকাৰ।
ইজনম লাভ কৰি তথাপিত্ত মই
 পূজা নাই তোমাৰ চৰণ;
কামাখ্যা বৰদা দেবি ক্ষমা অপৰাধ
 তোমাতেই পশিলোঁ শৰণ।
শিশুকালে অল্পমতি ৰঙতেই যায়
 ভাল বেয়া নাই সজ জ্ঞান;
কামাখ্যা বৰদা দেবি ক্ষমা অপৰাধ
 তোমাতেই পশিলোঁ শৰণ।
যৌবন যেতিয়া পালোঁ প্ৰবল ইন্দ্ৰিয়
 কাল সৰ্পে কৰিলে দংশন;
হিতাহিত জ্ঞান নাই উদ্ধত স্বভাৱ
 দিনেৰাতি পাপতেই মন।
তুমি বিনে কোনো নাই উদ্ধাৰ কৰোঁতা
 গতি মোৰ তোমাৰ চৰণ;
কামাখ্যা বৰদা দেবি ক্ষমা অপৰাধ
 তোমাতেই পশিলোঁ শৰণ।