এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭
স্তুতিমালা
গোপশিশু সমে মিলি যমুনাত কৰে কেলি
ধেনু চাৰি কৰে কত খেলা;
শীতল কদম তলে ধীৰে যেবে বায়ু বলে
থাকে তাতে শুতি কতো বেলা।
ৰত্নগিৰি ওচৰত ৰত্নাসন ওপৰত
বহি থাকে সময়ত গই;
গোবৰ্দ্ধন বিতোপন তাতো বহি বহু ক্ষণ
থাকে ৰাস ৰসোৎফুল্ল হই।
ইন্দ্ৰে যেৱে বাৰে বাৰে বৰষিলে ধাৰাসাৰে
হোৱে যেন জলৰ প্লাৱন;
হাঁসি তেবে চক্ৰপাণি নিবাৰিলা তুচ্ছ মানি
বাওঁ হাতে ধৰি গোবৰ্দ্ধন।
মধুৰ বেণুৰ ৰৱে হেম্বেলায় ফুৰে সবে
দামুৰি সহিতে যত গাই;
কৃষ্ণৰ চৌপাশে ঘূৰি কাণ থিয় কৰি কৰি
চায় কৃষ্ণ দুনাই দুনাই।
দণ্ডপাশ হাতে ধৰি গোপগণে আছে বেঢ়ি
গোপিনী সকলে গীত গাৱে;
নাৰদাদি ঋষি মানে সুললিত নামগানে
স্তুতিবাদ কৰে পৰি পাৱে।
সহস্ৰ বছৰ ধৰি কঠোৰ তপস্যা কৰি
অন্ত যাৰ গোপীয়ে নাপায়;