এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গোপাল স্তোত্ৰ।
নবীন নীৰদ শ্যাম বৰ্ণে দেহ অনুপাম
সুনীল কমল যেন আঁখি;
বল্লবি নন্দন হৰি চায় চক্ষু টেৰ কৰি
মুখে অল্প মনোহৰ হাঁসি।
সুনীল কুঞ্চিত কেশ মধুৰ মোহন বেশ
গলে শোভে বনমালা কত;
কাণত কুণ্ডলকান্তি হিয়াত মুকুতাপান্তি
বিমোহিত ব্ৰজবাসী যত।
স্বৰ্ণৰ কিৰীটি শীৰে বায়ু আসি অতি ধীৰে
পীতাম্বৰ দোলায় সঘনে;
গোপীৰো হৃদয় মন দোলে লগে ঘনে ঘন্
প্ৰেমভাৱ উপজিয়া মনে।
মধুৰ বংশীৰ ধ্বনি সবে শুনে তব্ধ মানি
গোপীৰ আকুল কৰে প্ৰাণ;
আনন্দে যশোদা আই চাৰি ভিতি ঘূৰি চাই
কৃষ্ণ বিনে নেদেখয় আন।
পিন্ধিছে বিচিত্ৰ বাস কৰি অতি লয়লাস
কৃষ্ণ বিনে নাই চিন্তা আন;
মোহিত গোপৰ বধূ পিয়ে মুখপদ্মমধু
কটাক্ষে মোহিত কৰি প্ৰাণ।