পৃষ্ঠা:সুৰভি.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৫৬ )


সি কথায় কথায় গুৰু গোঁসাইৰ নাম ধৰি শপত নাখায়, কিন্তু এওঁলোকে এচিয়া য়ূৰোপ আমেৰিকাত গুৰু গোঁসাইৰ যত শপত আছে, আটাইবোৰ কথায় কথায় তলি উবুৰিয়াই নাইবা ঢকা ডিঙৰীয়া লগাই খায়।এইবিলাক যি নহওক, মই গাড়ীত সোমালতে তেওঁলোকে মোৰ সৈতে ভদ্ৰভাৱে কথা কবলৈ ধৰিলে, আৰু দেশী মানুহৰ ওপৰত তেওঁলোকৰ মন্তব্যবিলাক মোৰ আগত নিশঙ্কচিত্তে ফৰ্কৰ কৰে প্ৰকাশ কৰিবলৈ ধৰিলে। মই বেচেৰাই নিৰুপায় হৈ মূৰ জোকাৰি কোনো মতে “ইয়েচ,” “ন” কৈ গা সাৰি সিহঁতৰ লগত অস্থায়ীৰূপে জীণ যাবৰ চেষ্টা কৰি সেই ভয়ঙ্কৰ ‘সাধু সঙ্গত’ আহি আসান্সোল ষ্টেচন পালোহি। আসান্সোলে দুইকো জৰাসন্ধৰ নিচিনাকৈ ফালি দুফাল কৰিলে, অৰ্থাৎ আসান্সোল ষ্টেচনত তেওঁলোকৰ মাজত বিচ্ছেদ ঘটিল; তাতে এজন গাড়ীৰ পৰা নামি পৰিল। যিজন গাড়ীত মোৰে সৈতে ৰল, তেঁও এই ভব-সংসাৰৰ এচুকত মিষ্টৰ ফিপ্সন নামে খ্যাত। ফিপ্সন হাওৰাযাত্ৰী, গতিকে মই হাওৰা নোপোৱালৈকে তেওঁ মোৰ এৰাব নোৱাৰা সঙ্গী। সেইদেখি আকৰীৰে সৈতেই গৃহবাস কৰিব লগীয়াত পৰাৰ দৰে তেওঁৰে সৈতে সদ্ভাৱ কৰি, অৰ্থাৎ মানস সৰোবৰত চৰা ৰাজহংসৰ নিচিনাকৈ নীৰৰ পৰা ক্ষীৰ উলিয়াই লৈ, অৰ্থাৎ মন্দৰ ভিতৰৰ পৰা ভাল উলিয়াই লৈ বেগাবেগিকৈ মোৰ অৱস্থাৰ উন্নতি কৰিবলৈ বাধ্য হলোঁ। প্ৰথমতে একেষাৰ দুআষাৰ, তাৰ পিচত ভালেমান কথা থপিয়াথপিকৈ তেওঁ সৈতে পাতি লৈ তেওঁৰ বুকুৰ দুৱাৰ মুখত মই প্ৰৱেশৰ নিমিত্তে ঠিয় হলোঁ, আৰু তেওঁ উদাৰ ভাবে ততালিকে তাৰ দাং খুলি দিলে, মই তেওঁৰ হিয়াৰ ভিতৰ সোমালোঁ। তেওঁৰ হিয়াৰ ভিতৰত সোমাই লৈ মই বুজিলোঁ যে, তেওঁ ওপৰত মই পোনতে পাতি লোৱা মতটো অলপ ঘূণে খোৱা। তেওঁঁ জাতিভাই ফিৰিঙ্গীৰ লগত পৰি যদিও ফিৰিঙ্গী স্বভাৱৰ ভালেমান চানেকি দেখুৱাইছিল, কিন্তু আচলতে তেওঁৰ হৃদয়ত অভদ্ৰতা আৰু অসভ্যতাৰ ঠাই বৰ নাই বুলিলেই হয়। অৱশ্যে আসান্সোলত নামি যোৱা তেওঁৰ বন্ধুজনৰ বিষয়ে এই দৰে কব নোৱাৰোঁ এইটো ধুৰূপ। সেইজনৰ গণ্ডপীয়া বৰ কথা, কুলক্ষণীয়া গঢ়-গতিয়ে মোৰ মনত যথেষ্ট তিতা লগাই থৈ গৈছিল। সঙ্গদোষ বৰ দোষ। কু সঙ্গৰ অভাৱত স্বভাৱৰ পৰিবৰ্ত্তন ঘটাৰ বাবেই হওক, নাইবা, স্বভাৱতে তেওঁতকৈ এওঁ সৰল আৰু উদাৰ মনৰ বাবেই হওক, লাহে লাহে এওঁৰ কথা বাৰ্ত্তাত এওঁক মোৰ ভাল লাগি আহিল। তেওঁ কৰ মানুহ কলৈ যায় কি কাম কৰে ইত্যাদি কথা শুধিলোঁ; আৰু উত্তৰত দেখিলোঁ, এওঁ লাহেকৈ মোৰ আগত তেওঁৰ হিয়াখন উবুৰিয়াই দিলে। তেওঁ নিজৰ জীৱন ইতিহাসৰ গুৰিৰ এপাত মুকলি কৰি মোৰ আগত ধৰিলে, আৰু মই তাক পঢ়ি পেলালোঁ। ইংৰাজী ভাষাত কোৱা তেওঁৰ কথা কেইষাৰৰ সাৰমৰ্ম্ম তলত অসমীয়াকৈ দিলোঁ—