পৃষ্ঠা:সুৰভি.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মিষ্টৰ ফিপ্সন

 এদিনৰ এবেগতীয়া ঘটনা এটি আজি কওঁ। হাওৰালৈ আহিবলৈ বুলি এদিন ইষ্ট ইণ্ডিয়া ৰেলৰ মধুপুৰ ষ্টেচনত ডাক গাড়ীত উঠিলোঁ। য়ূৰোপীয় সাজেৰে মোৰ আপাদমস্তক পৰিশোভিত। গতিকে, আন খোটালিকেইটা মানুহেৰে ঠাক খাই থকা দেখি, “য়ূৰোপীয়বিলাকলৈ সুকীয়াকৈ ৰখা হৈছে” এই বুলি বাৰত জাননী আৰি দিয়া এখোটালিত নিৰ্ভয়ে নিসঙ্কোচে উঠি পৰিলোঁ। যদিও নিৰ্ভয়ে নিসঙ্কোচে মই তাত উঠিলোঁ, তথাপি ঢোৰা কাউৰীয়ে ম’ৰাৰ পাখি পিন্ধি ম’ৰাৰ লগত ছালি ধৰি নাচিবলৈ যোৱা যেন যে মোৰ মনত নালাগিছিল এনে নহয়। যাওক, কাৰণ সেইটো আন এটা বাটৰ কথা। সেই খোটালিটো ফিৰিঙ্গীনন্দন দুজনে শোভা কৰি আছিল। তেওঁলোকে মোকো কোনোবা “ফিৰিঙ্গী-নন্দন মোৰ বান্ধৱ এ” ভাবি আপত্তি নকৰি সামৰি ললে যেন পালোঁ। কিন্তু স্বদেশী বিদেশী কাপোৰৰ চুৰিয়া পিন্ধা বাঙ্গালী বা ভাৰতবৰ্ষীয় আন কোনো যাত্ৰী মানুহ সেই খোটালীত ঠোকা দূৰৈত থাওক, তাৰ কাষলৈ আহিলেই সেই যুগল মূৰ্ত্তিয়ে, ফেটী সাপে খুঁটিবলৈ ফোচ কৰি উঠাদি ফোচ কৰি উঠিছিল। ফিৰিঙ্গী-নন্দন দুজনৰ গাৰ বৰণ মোৰ গাৰ বৰণতকৈ কেইবা পোছও কলা বুলি আমাক দেখোঁতা সকলে নকৈ নোৱাৰিলেহেঁতেন। তেওঁলোকৰ নাক-মুখ ইত্যাদিৰ গঢ় আমাৰ পথাৰত হাল বাওতা বিহুৱা হালোৱাৰ নাক মুখৰ গঢ়তকৈও, নাইবা আমাৰ ঘোৰাশালত ঘোৰাৰ আলধৰা খুদনম চহিচব খৰা নাক আৰু বহল বদনতকৈও যে আপচু তাত কোনো সন্দেহ নাই; কিন্তু হলে কি হব, তথাপি তেওঁলোক সিংহৰ ‘ছৱা’ তেহেলৈ শিয়ালীৰ গৰ্ভতেই জাত হওক। তেওলোকৰ মুখৰ পৰা ওলোৱা ইংৰাজী ভাষা, আমাৰ মাছ যোগনিয়াৰ শ্ৰীলেহেতীয়াৰ মুখৰ পৰা ওলোৱা অসমীয়া ভাষাৰ সৈতে একে শাৰীতে বুলি ধৰিলেও ভুল নহয়। আমাৰ লেহেতীয়াই তাৰ কথাষাৰে পতি যেনেকৈ কিবা এটা অবাইচ এঠা নলগালে কথাৰ জোৰা মিলাব নোৱাৰে; তেওঁলোকেও সেইদৰে তেওঁলোকৰ কথাষাৰেপতি “ব্লডি” শব্দটোৰে নেঠালে কথাৰ জোৰা ৰেঙাই থাকে। লেহেতীয়াৰে সৈতে তেওঁলোকৰ অলপ অমিল দেখা যায় মাথোন এইখিনিতে ষে,