পৃষ্ঠা:সুৰভি.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৫৭)

 “মোৰ বান্ধ! মোৰ জীৱনৰ কাহিনী দোৰ্ঘোৰ এন্ধাৰৰ দ গাঁতৰ ভিতৰত লুকুৱা। মই নিজেই তাৰ উৱাদিহ একো নাপাওঁ। মই শুনিছোঁ মই হেনো ফিপ্সন নামেৰে আসামৰ চাহ বাগিচাৰ ইংৰাজ এজনৰ লৰা। মোৰ আই হেনো এজনী অসমীয়া পোহাৰী। পোহাৰী কাক বোলে আপুনি কিজানি নাজানে। আসামত ঘৰে ঘৰে বস্তু বেচোঁতা জাতৰ তিৰোতাক বুজায়। মোৰ আইক মিষ্টৰ ফিপ্সনে তেওঁৰ মেম কৰি ৰাখিছিল, বেইতা ঘৈণীয়েক নহয়। আইৰ গৰ্ভত ফিপ্সনৰ দুজনী ছোৱালী আৰু এটা লৰা জন্ম হল। সেই লৰাটোৱেই এতিয়া আপোনাৰ আগত নিজৰ মৰ্ম্মান্তিক দুখৰ কাহিনী কব লাগিছে। আমাক সৰুতে বোপায়ে আসামৰ পৰা দেশান্তৰী কৰিলে। আমাৰ জ্ঞান জন্মা কালতে তেওঁ আমাক আসামৰ পৰা আনি কলিকতাত স্কুল এটাত আমাৰ পঢ়াৰ আৰু খোৱা-পিন্ধাৰ খৰচ দি থৈ দিলেহি। বোপায়ে সেই যে আমাক পঠিয়ালে, সেই দিনৰ পৰা আজিলৈকে আমি দুৰ্ভগীয়া কেইটাই আমাৰ আই বোপাইৰ মুখ দেখিবলৈ পোৱা নাই। আমাক কলিকতাত থোৱাৰ কিছুমান বছৰৰ পিচত মিষ্টৰ ফিপ্সনে আসামৰ চাহ বাগিচাৰ কাম এৰি আৰু লগে লগে হতভগীয়া আইকো এৰি বিলাতলৈ গুচি গল হেনো, আৰু উভতি নাহিল। বিলাতত হেনো তেওঁ নকৈ বিয়া কৰাই দহজনৰ ভিতৰত এজন হৈ বসতি কৰিছে। অৱশ্যে তেওঁ বিলাতত ক'ত আছে, আমি আজিলৈকে সমুলি নাজানোঁ; আৰু, আগলৈকো যে তাৰ কিবা সম্ভেদ পাম এনে আগন্তুক নাই। যাতে এইবোৰ বাতৰিৰ কোনো উৱাদিহ নাপাওঁ বৰং তাৰ তেওঁ কটকটীয়া দিহা কৰি গৈছে। যিবোৰ মুখৰ পৰা সেই বাতৰি ওলাবৰ সম্ভৱ, সেইবোৰৰ মূখত তেও ভালকৈ ধনৰ সোপা দি থৈ গৈছে। আজি দুই তিনি বছৰ ধৰি মই আমাৰ আঁতিগুৰি, আইৰ নাম আৰু থকা ঠাই, বোপাইৰ বিলাতৰ ঠিকনা ইত্যাদি উলিয়াবলৈ চেষ্টা কৰি ফৰিছোঁ, কিন্তু তাক উলিয়াব পৰা নাই আৰু পাৰিম যে তাৰো আশা নাই। বোপাইৰ নাম যে ফিপ্সন আছিল সেইটোতে এতিয়া মোৰ সন্দেহ হৈছেগৈ। এতিয়া বুজিছোঁ তেওঁ ফাঁকি দি নাম সলাই আমাক কলিকতাত থৈছিল। পাপীষ্ঠই নিজৰ সন্তান সন্ততিক যে এইদৰে পৰিত্যাগ কৰিলেই আমাক আমাৰ আইৰ পৰাও বঞ্চিত কৰিলে। আই পোহাৰীয়েই হওক বা দন্দুৰীয়েই হওক দেশীয়েই হওক বা বিলাতীয়েই হওক, দুখীয়া হোজা তেওঁক ঠগ কৰি, জনমলৈ ধ্বংস কৰি, পাষণ্ডই বাটৰ মগনিয়াৰ কৰিবৰ তাৰ কোনো অধিকাৰ নাছিল। মই কত ঠাইত কত বিচাৰিছোঁ, কত ফুৰিছোঁ, তথাপি মোৰ দুৰ্ভগীয়া আইৰ কোনো ভূ-ভা উলিয়াব পৰা নাই। –হে পৰমেশ্বৰ! হে অগতিৰ গতি! মই মোৰ আইক কত দেখিবলৈ পাম? মোৰ মোৰ দুখুনী আইক মোক এবাৰ দেখুৱাই দিয়া হে ঈশ্বৰ! তেওঁক পালে তেওঁৰ কোলাত মই এবাৰ মুৰ সুমাই