পৃষ্ঠা:সুৰভি.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৫৪ )

আৰু লাজ কাটি কৰি থৈ, ছোৱালীৰে সৈতে দেখা শুনা কৰি কথা বাৰ্ত্তা কৈ ভালকৈ চিনাকি হলোঁ। অৰ্থাৎ ইংৰাজী ভাষাত “কৰ্টচিপ" (Courtship) বোলে, তাকে কৰিবলৈ ধৰিলোঁ। মোৰ ব্যৱহাৰত সিহঁত আপ্যায়িত হৈ হাতেৰে স্বৰ্গ ঢুকি পালে।

 “কৰ্টচিপ” চলি থাকোঁতে পৰশুই দেওবাৰে ‘বিনা মেঘে বজ্ৰাঘাত’ হল। কথাই কথাই তাই মোক মৰম লগাই এবাৰ শুধিলে, হেৰি! ‘কিয়নো মোৰ ওপৰত আপোনাৰ ইমানটো মৰম সোমাল কওকচোন?’ মই সেই ম’হৰ ঘটনাৰ উল্লেখ কৰিলোঁ। মোৰ সেই কথা শুনি তাইৰ মুখখন কেহেৰাজ বটা যেন হৈ কলা পৰি গল! সেই কথা শুনি হঠাৎ কিয় তাই সেইদৰে বৰণ সলালে বুজিব নোৱাৰিলোঁ। সেইদিনা তাৰ কাৰণ জানিবলৈ মই কোনো চেষ্টা নকৰি ঘৰলৈ গুচি আহিলোঁ। কিন্তু পিছত পাকে-প্ৰকাৰে উৱাদিহ লৈ জানিব পাৰিলোঁ যে মই গুৰিতে ভুল কৰিছোঁ। ম’হৰ ঘটনাত সাহ দেখুৱা সেই সুন্দৰী ছোৱালীজনী এইজনী নহয়। এইজনী তাইৰে লগৰীয়া সাতজনী দাউনীৰ ভিতৰৰ আন এজনী ছোৱালী। যিজন মানুহক ৰিপুৱা ধৰি সেই ছোৱালীৰ ভূ লবলৈ আৰু বিয়াৰ প্ৰস্তাৱ কৰি পঠিয়াইছিলোঁ, সেইজন মানহে ভুল কৰি আচলজনী ছোৱালীৰ বাপেকৰ আগত সেই প্ৰস্তাৱ নকৰি এইজনীৰ বাপেকৰ আগত কৰিলে। কিন্তু এতিয়া ঘটনাটো অনেক আগবাঢ়িল আৰু গুৰুতৰ হৈ উঠিল! মোৰ প্ৰথম দৰ্শনত জন্মা প্ৰেমৰ গছজোপাৰ গুৰি একেবাৰেই উভলি পৰি সি কাটি হৈ পৰিল! মই কৰো কি এতিয়া? মোক তুমি এটা বুদ্ধি দিয়া!”

 কথাবিলাক বান্ধৰ, কিন্তু গোঁফকোছা মোৰ নিজৰ, সেইদেখি তেওঁৰ কথাৰ ওৰ পৰিলত মই মোৰ গোঁফত তাও দি গহীনকৈ উত্তৰ দিলোঁ-- “নোৱাৰোঁ দিব।” মোৰ উত্তৰ শুনি বান্ধ বৰাই চকু ঢুলঢুলীয়াকৈ মোৰ ওচৰৰ পৰা গূচি গল।


⸺⸺