পৃষ্ঠা:সুৰভি.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৫৩ )


এইদৰে ভাবি মোৰ মনত মহা তোলপাৰ লাগি পৰিল। লুকুৱাৰ সকাম কি, মুঠতে খুলি কলেই হব, যে সেই মুহূৰ্ত্তৰে পৰা মোৰ জাতৰে সৈতে প্ৰেমৰ তয়া ময়া ৰণ লাগিল। শেহত জাত হাৰিল, প্ৰেম জিকিল। প্ৰেমে মোৰ কাণত ফুচফুচাই কলে, যে আপুনি মনত একো খুকুৰি নাৰাখিব, আগুৱাই যাওক, আগৱাই যাওক; স্বৰূপতে কবলৈ গলে মোৰ জাত কুল একো নাই, মই প্ৰেম, মই পৰমহংস। জাতকুলৰ কোনো মই ‘এলেকা’ নাৰাখোঁ। মই প্ৰেম, মই স্বাধীন, কাৰো ঘৰত মই কৰ নোশোধাওঁ।’ সেই কথা শুনি মই উত্তৰ দিলোঁ, বেছ কথা “যব মিঞা বিবী ৰাজী। তব্ ক্যা কৰে চহৰকা কাজী।” মই বিয়া কৰাম। প্ৰেমে “চপ্লিমেন্ট” (Supplement) পৰিশিষ্ট স্বৰূপে মোক আৰু এই কেষাৰ কথা কলে যে ‘ডাঙৰ মানুহ, সৰু মানুহ, ওখ কুল নীহ কুল চহকী আৰু ভিকহু, মানুহে বা সমাজে দিয়া এইবোৰ চকোৱাৰ বেৰ মই মানিবলৈ বাধ্য নহওঁ। সকলোকে একেজনা ঈশ্বৰে স্ৰজন কৰিছে, সকলো তেওঁৰ চকুত সমান আৰু আমি সকলোবোৰ ভাই ককাই।’ মই ভাবিলোঁ, বাস্তবিক পক্ষত এই কাৰ্য্য কৰি মই মোৰ নৈতিক বলৰহে চিনাকি দিম। সমাজে মোক এঘৰীয়া কৰে যদি কৰিব, মই সজ বুলি যি কাম বুজিছোঁ সেই কাম কৰিমেই। এই দৰে ভাবি মই ছোৱালীৰ বাপেকৰ ওচৰলৈ বিয়াৰ প্ৰস্তাৱ পঠিয়াই দিলোঁ। সিহঁত দুখীয়া সৰু মানুহ, মই চহকী ডাঙৰ মানুহ, প্ৰস্তাৱটো শুনি বাপেকে ভয় খাই উত্তৰ দিলে, ‘ডাঙৰীয়া বোপাই আমি দুখীয়া মানুহৰ সৈতে ধেমালি কৰিছে কেলৈ? আমি দেখোন তেখেতৰ ওচৰত কোনো অপৰাধ কৰা মনত নপৰে।’ এই উত্তৰ পাই মই আকৌ ভালকৈ সিহঁতে পতিয়ন কৰিব পৰাকৈ কৈ পঠিয়ালোঁ যে ‘মই তেওঁলোকৰ সৈতে ধেমালি কৰা নাই, মই সচাঁকৈহে তেওঁৰ জীয়েকক খুজি-বাঢ়ি বিয়া কৰাব খুজিছোঁ।’ মোৰ কথা এইবাৰ সঁচা যেন পাই ছোৱালীৰ বাপেকে উৰুলীকৃত হৈ সেই প্ৰস্তাৱত সন্মত হৈ উত্তৰ দি পঠিয়ালে। ডাঙৰ মানুহ জোৱাই পাব, জীয়েক ডাঙৰ মানুহৰ ঘৈণী হব, সুখে থাকিব, লগতে সিহঁতৰো অৱস্থা আৰু মান বাঢ়িব, ইয়াতকৈ আৰু গৌৰৱৰ কথা সিহঁতৰ কি হব পাৰে?

 “মই কিন্তু মোৰ বঙ্গহ পৰিয়াল মিতিৰ কুটম কাকো এই কথাৰ শুং- সূত্ৰ দিয়া নাছিলোঁ, কাৰণ এই কথা তেওঁলোকৰ আগত প্ৰকাশ কৰা মানে বৰলৰ বাহত জুই লগাই দিয়া। কাৰ্য্য সাধন হৈ গলে তেহেলৈ যি হয় হব, কিন্তু হোৱাৰ আগেয়ে তাত বিঘিনি জন্মাবলৈ লোকক চেলু, দিয়াটো উচিত নহয়। তলে তলে মই মোৰ ভাবী শহুৰৰ ঘৰলৈ অহা যোৱা কৰিবলৈ ধৰিলোঁ। ম‍ই নতুন প্ৰণালীত শিক্ষিত ডেকা, আগৰ দিনীয়া পুৰণি মামৰে খোৱা প্ৰণালী