পৃষ্ঠা:সুৰভি.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৪৪ )


তই বঙ্গালে জান নে নাই? কটা, তোৰ ইমানটো কেৰামত? এতিয়াই মোৰ লৰাক কৈ দি তোৰ দাঁত এটাইকেউটা ভঙ্গাম বুলি জানিছ নে বোলোঁ?”

 এই কথাৰো অন্ত পৰিল, আৰু তোলন সাজতোলা আৰু ছাপৰাচীৰ মাজত জোটাপুৰ্টি লাগি পৰিল। ডাঢ়ি গোঁফ খুৰুৱা মুখ, পাহ-কটা চুলি, উধনিয়া খোপা আৰু ফটুৱাই ফটা ভৰিৰে আঢ়ৈ কুৰি বছৰীয়া গাৱঁলীয়া মানুহ এজনে হিন্দুস্থানী ছাপৰাচীটোৰ সৈতে জোটা-পাটি লগাই বাহিৰত হাই-উৰুমি কৰিছে শুনি মিষ্টাৰ মলক গুইন্‌-গুইন্ চাহাব, “কোন হাল্লা কৰতা?” বুলি হুকি মাৰি দি ভিতৰৰ পৰা “শ্লিপিং চুট আৰু শ্লিপাৰ” অৰ্থাৎ ৰাতি শুবলৈ যাওঁতে পিন্ধা ঢিলা চোলা আৰু ঠেঙা, আৰু ভৰিত চটি জোতাৰেই বাহিৰলৈ ওলাই আহিল। জোটাপটি লগা শালিকাই কোনো মানুহে সিহঁতৰ কাষ চাপি গলে ততালিকে জোটাপাটি ভাঙ্গি আঁতৰা-আঁতৰি হৈ চেক্ চোকোৱাদি চাহাবক অহা দেখিয়েই ছাপৰাচী আৰু তোলন দুয়ো জোটা-পুটি ভাঙ্গি দুয়ো দুইকো এৰি আঁতৰ হৈ ফোঁপাই-জোপাই একেবেলিয়েই দুয়ো দুইৰো নামে চাহাবৰ আগত গোচৰ দিবলৈ ধৰিলে।

 ছাপৰাচী।— “দেখিয়ে হজুৰ। এইথু বুঢ়া পাগলা না চোৰ কুচ ঠিকনা নাহি, কাঁহাচে আয়কে হিয়া হাল্লা কৰণে লাগা। আউৰ হামকু বলতা উচকা কোই মলখু বেটাকা স্যাৎ মুলাকাত কৰাই দেনেকু। হম ভালা কৰকে ইছকু চমজাইকে দিয়া যে এইথু চাহাবকা কুঠি, হিঁয়া উচ্কা মলখু লেৰকা কোই নাহি হ্যাঁয়; লেকিন বঢ়াথু হামকু গালি দেনে লাগা।”

 তোলন।— “হেৰ চাছোন বোপাই মলখু! তোৰ ছাপলাঠি নে টেকেলা কি এইটোৱে মোক গালি পাৰি টানি আজুৰি নগুৰ্ণাগতি কৰি কি অপমানবিলাক কৰিব লাগিছে। কুকুৰৰ সাহটো চাছোন, সি হেনো মোৰ গলধনটোত ধৰি মোক গতিয়াই ইয়াৰ পৰা উলিয়াই দিয়ে!”

 তোলন সাজতোলাই এই কথা গুইন্‌-গুইন; চাহাবৰ আগত কৈ চকুৰ পানী টুকিবলৈ ধৰিলে। চাহাবে সাজতোলাৰ ফালে চাই গম্ভীৰভাৱে কলে, “তুমি কৰ পৰা আহিছে? কোন আছে? মই তোমাক চিনি নাপাও? ইয়াৰ পৰা এতিয়াই তুমি গুচি যাব লাগে।” এই বদলি চাহাবে সাজতোলাৰ ফালে পিঠি দি ছাপৰাচীৰ ফালে মুখ কৰি আকৌ কলে,— “ছাপৰাচী, এই বুঢ়াক হিয়াছে বাহাৰ যানে বলা। লেকিন গালি দেও মৎ, মাৰ মৎ, হাল্লা কৰ মৎ।”

 এই কেষাৰ কথাৰো অন্ত পৰিল, মলক্ গুইন-গুইন, চাহাবে চট্ চট্ কৰে চটি জোতাৰে নিজৰ ভৰিৰ তলুৱাত কোবাই ঘৰৰ ভিতৰ সোমাই অন্তৰ্দ্ধান হল। পুতেকৰ ব্যৱহাৰ দেখি বুঢ়া তোলন সাজতোলা চৰগ পৰা