পৃষ্ঠা:সুৰভি.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মলক গুইন্-গুইন্


 "হেয় আও! তোম কোন হ্যাঁয়? দৰৱাজাকা চামনে কাহে খাৰা হ্যাঁয়?"" কঁকালত পিতলৰ ছাপৰাচ আৰু মূৰত ৰঙা কলাৰে সানমিহলী কাপ্ কাপ্ পাগুৰী পিন্ধা হিন্দুস্থানী ছাপৰাচী এটাই, মুগাৰ বৰচুৰিয়া আৰু এৰিয়াৰ মিৰ্জাই-চোলা পিন্ধা, গাত খনীয়া কাপোৰ আৰু হাতত বাঁহৰ লাখুটি লোৱা, শুদা ভৰি, ওঁঠত তামোলৰ ৰাং, মুখত তামোলৰ মোকোৰাৰে আদহীয়া বয়সৰ চহা মানুহ এজনক এইদৰে কেৰ্কেৰীয়া মাতেৰে এদিন পুৱা ৯ মান বজাত সম্বোধন কৰিছে। ছাপৰাচীৰ প্ৰশ্ন শুনি মানুহজনে উত্তৰ দিলে “মই মোব পো মলখু বোপাক চাবলৈ আহিছোঁ। বতৰা কৈ দিয়াঁ ছাপলাঠি ককাই, মই আহিছোঁ বুলি।”

 ছাপৰাচী।— “তোমাৰা কোই মলখু পৌ হিয়া নাহি হ্যাঁয়। এইথু গুঁই গুঁই চাহাবকা মোকান হ্যাঁয়। হিয়াছে ভাগ্ যাও। নাহিতো চাহাব বাহাৰমে আয়কে তোমকু হিঁয়া দেখনেচে হমাৰা উপৰ বহুত গোচা কৰেগা।”

 মানুহজন। - “নহয় ছাপলাঠি ককাই মোৰ নিজৰ লেৰেকা মলখু বাবুৰ ঘৰ মই জানো। তুমি নতুন মানুহ হবলা, সেই দেখি মোক চিনি পোৱা নাই। তুমি ভিতৰলৈ গৈ মোৰ কথা মোৰ ল'ৰাৰ আগত কোৱাগৈ, সি এতিয়াই ওলাই আহিব।"

 ছাপৰাচী।— “বুঢ়াথু পাগলা হ্যাঁয় না ক্যা কুচ মালুম নাহি হ্য়াঁয়। ইচকা মলখু বাবু লেৰকাকু হিয়া চাহাবকা কুঠিমে তল্লাচ কৰণে আয়া। যাও, ভাগ হিঁয়াচে। হিঁয়া তোমৰা মলখু-উলখু কোই নাহি হ্যাঁয়। মগৰ বাত নাহি শুনেগা তো তোমকু গৰ্দ্দান পাকৰকে হিঁয়াছে নিকাল দেগা।"

 কথাষাৰ শুনি মানুহজন খঙত থৰ থৰ কৰে কঁপিবলৈ ধৰিলে। ক্ষন্তেক টভক মাৰি থাকি তেওঁ মাত লগালে, “কি কলি কটা কুকুৰ-ধূলি ছাপলাঠি? তোৰ ইমানটো সাহ নে? তই মোৰ গলধনটোত ধৰি উলিয়াই দিবি? মোৰ নাম তোলন সাজতোলা বুলি কটা ভু পাৱ নে নাই? তোৰ চাহাবৰ মই বাপেক বুলি