পৃষ্ঠা:সুৰভি.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৪৫ )


মানুহ যেন হৈ থৰ লাগি অলপ পৰ থাকি, “হেৰ মলখু তই মোক চিনিকে নোপোৱাই হলিনে?” বদলি কওঁতেই, ছাপৰাচীয়ে তেওঁৰ হাতত ধৰি টানি লৈ গৈ তেওঁক ৰাজআলি পোৱালেগৈ। বুঢ়া মৰ্ম্মান্তিক হৈ, “হে পৃথিবী মাতৃ! তুমি দুফাল হোৱাঁ, মই তোমাৰ গৰ্ভত সোমাওঁ” বলি কৈ এটা দীঘল হুমুনিয়াহ কাঢ়ি, যি বাটেদি আহিছিল সেই বাটেদিয়েই তাৰ পৰা গুচি গল।

 এই খিনিতে এই বুঢ়াৰ চিনাকিটো দিয়া যাওক আৰু মলক চাহবৰ আখ্যানৰো যৎকিঞ্চিৎ আভাস দিয়া যাওক। এওঁ চেটিয়া গাৱৰ তোলন সাজতোলা। চেটিয়া গাৱঁত তোলন এজন গণ্যমান্য মানুহ। দিহিঙৰ গোঁসায়ে তেওঁক সাজতোলা পাতি সন্মানিত কৰিছে। গাৱঁৰ লৰা, ডেকা, বুঢ়া সকলোৱেই তেওঁৰ হাক বচন শুনে আৰু তেওঁক মানি চলে। সাজতোলা দুটা লৰাৰ বাপেক; এটাৰ নাম মলখু আৰু আনটোৰ নাম পুণাৰাম। সাজতোলাই পুণাইক খেতি-বাতি কৰিবলৈ শিকাই তেওঁৰ লগতে ৰাখিছিল, আৰু, বৰটো লৰা মলখুক লখীমপুৰ জিলাত দেউনাথ খাজাঞ্চীৰ ঘৰত লাচনি-পাচনি বন- বাৰি কৰি আৰু লগে লগে লেখা-পঢ়া শিকাবলৈ থৈছিল। মলখুৰ বুধিটো সৰুৰে পৰা জোঙা আছিল গুণে, সি বন-বাৰিৰ অন্তত যি ফেৰা আহৰি পাইছিল সেই ফেৰা কালত তাক লেখা-পঢ়াত লগাই দি বিদ্যাৰ বাটত ভৰ্-ভৰ্ কৰে সোমাই যাবলৈ ধৰিলে। মাহেকে পষেকে বাপেক জিলালৈ আহি মলখুক ঘৰলৈ লৈ গৈছিল, আৰু ঘৰত তাক দুদিন চাই দিন ৰাখি আকৌ জিলাত থৈ গৈছিলহি। কালক্ৰমত মলখু এণ্ট্ৰেঞ্চ পৰীক্ষাত উঠিল আৰু অসমীয়া ছাতৰৰ নিমিত্তে চৰ্কাৰৰ ঘৰৰ পৰা দিহা কৰা জলপানী পাই কলিকতাত এল-এ পঢ়িবলৈ আহিল। খাজাঞ্চীৰ ঘৰত থকা শেহ ডোখৰ কালতে মলখুৰ খোপা ক্ৰমশঃ টুটি গৈ টিকনিত পৰিছিল, কলিকতা পায়েই সি একেবাৰেই অন্তৰ্দ্ধান হল। লালুকীৰ নেজ সৰিলে সি ভেকুলী হৈ জপিয়ায়; আমাৰ মলখুৰো ওলোটা ফালৰ নেজ অৰ্থাৎ টিকনি সৰি কলিকতা চহৰৰ আলিত তেওঁ জপিয়াই “কলৈ যাওঁ গোপাল, কলৈ যাওঁ কৃপাল” লগালে। এফালে টুটিলে আনফালে বাঢ়ে, এই নিয়ম মতে মলখু টিকনিত টুটিল হয়, কিন্তু উপাধিত বাঢ়িল। খোলাখুলিকৈ কবলৈ গলে, কলিকতাৰ কলেজৰ হাজিৰা বহিত আৰু চিঠি-পত্ৰ আদি আন কাকত পত্ৰতো তেওঁৰ নামৰ পিছত গগৈ উপাধি গজিল। ইংৰাজ পণ্ডিতে বোলা “ল অব্ ইভলিউচন” যাক বঙ্গালী পণ্ডিতে বিৱৰ্ত্তনবাদ বলি তৰ্জমা কৰিছে, সেই নিয়ম মতে, কলিকতাৰ বালাম নামৰ চাউল, ৰসগোল্লা-সন্দেশ নামৰ মিঠাই আৰু লাচি-কচুৰি নামৰ পিঠাৰ সহায়ত, মাহ- চেৰেকৰ পিচত শ্ৰীমান মলখু গগৈ মিষ্টৰ এম গগৈ হৈ পৰিল। দুবছৰৰ পিচত,