পৃষ্ঠা:সুৰভি.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৩২ )


ভৰোৱা হয়; আম নাৰিকল লিচি আদি গছৰ ফল “জবৰ্দ্দস্তি” কৰি পাৰি উদৰান্তৰ্গত কৰা হয়; পুখুৰীত নামি জলকেলি কৰা হয়; আৰু মাছ মঙহ আদিৰে ভোজভাত খাই অজগৰ পৰাদি পৰি থকা হয়। কোনো কোনোৰ বাগানত বাই-নাচ নটী-নাচ আৰু ফটিকাৰ বিভৎস আমোদৰ ভৰসোঁত যে নবয় এনে নহয়; কিন্তু সেই বিধব কাম স্বভাৱ ভেদে কাৰ্য্য ভেদৰ নিয়ম অনুসৰি চলে বুলি ধৰিব লাগে। মুঠতে কবলৈ গলে, অফিচ কাছাৰী আদি বন্ধৰ দিনত বাগানৰ আমোদ আহ্লাদ খোলা হয়; সেই দেখি শনিবাৰ আহিলেই বাবুসকলৰ মুখত লোভৰ পানী ওলায়; আৰু শনিবাৰক “সোণৰ শনিবাৰ” নাম দি তেওঁলোকে আদৰকৈ মাতে।

 এনে বন্ধৰ এদিনত বন্ধুবৰ নিৰ্ম্মল চন্দ্ৰ বানুৰ্জীৰ উচটনিত মোৰো গাৰ আৰু মনৰ চহৰীয়া মলি আৰু মামৰ ঘঁহি গুচাবৰ মনেৰে তেওঁৰে সৈতে তেওঁৰ দমদমাৰ বাগানবাড়ীলৈ গতি কৰিলোঁ। আমাৰ লগত আৰু দুই চাৰি- জন পালি বন্ধু যে নাছিল এনে নহয়, কিন্তু বাই-নাচ আদি আন কোনো প্ৰচলিত উপসৰ্গ বা প্ৰত্যয় নাছিল গুণে, সেই বিধীয়া বন্ধুৰ লেখও কম হৈছিল। মোৰ সৰুৰে পৰা মাছ ধৰা বায়ু। নিৰ্ম্মল বাবুৰ বাগিচাৰ পুখুৰীত সেই বায়ুৰ পাল মোৰ মন-নাৱত ভালকৈ তৰি দিব পাৰিম; এই লোভত মই উছাহেৰে ওলালোঁ। ওলালোঁ বোলাটো ঠিক নহয়; কাৰণ, কলিকতাৰ আলি বাটত ৰাতি মতলীয়া মানুহক কনিষ্টবলে ধৰি থানালৈ টানি লৈ যোৱাদি বাস্তৱিকপক্ষত মোক সেই মাছ ধৰা বায়ুৱে ধৰি সেই বাগিচালৈ টানি লৈ গল, আৰু নিৰ্ম্মল বাবু নিমিত্তৰ ভাগী হল মাথোন। ৰাতিপুৱাই তপতে তপতে প্ৰকৃত স্বদেশী চাহ-পানী এবাটি পেটত নাই, নিৰম্বু নিশা শুকাই থকা শৰীৰৰ গুৰিত সেই কাৰ্য্যৰ দ্বাৰাই পানী এটোপা দি সাত বজাৰ সময়ত ঘৰৰ পৰা ওলাই, নিৰ্ম্মল বাবুৰে সৈতে গৈ আঠমান বজাত তেওঁৰ বাগিচা পালোঁগৈ। তেওঁৰ লগত জলপান পাতি গৈছিল লগুৱা লিকচৌ গৈছিল, খাবৰ দাবৰ অনেক বয়বস্তু গৈছিল; গতিকে বাগিচা পায়েই আমি জলপান একোটাৰে, বাটত অলপ অলপকৈ ধোৱাঁই অহা পেটৰ খং-জুই মাৰ নিয়ালোঁহঁক। নিৰ্ম্মল বাবুৰ মানুহে আগ দিনাই তালৈ গৈ মাছ ধৰিবলৈ জালোৱা ঠিক কৰি থৈছিল; আমি গলতে সেই জালোৱাই পুখুৰীত জাল পেলাই দিলে। টনা বৰজালে পুখুৰীব এপাৰৰ পৰা সিপাৰলৈ লাহে লাহে মাছ চুঁচি টানি লৈ যাবলৈ ধৰিলে। জাল পাৰৰ ওচৰ চাপিলত তাত পৰা আৰু নপৰা সৰু বৰ মাছবিলাকে, বৰা-ধানৰ আখৈয়ে তপত খোলাৰ পৰা জপিৱাদি জপিয়াবলৈ ধৰিলে; আৰু দৰ্শক সকলৰ মনেও লগে লগে, সেইটো গল ঔ! সেইটো ধৰ ঔ! সেইটো বৰ মাছ ঔ! এনেবিলাক উদ্বিগ্নৰ ধ্বনি কৰি জপিয়াবলৈ