পৃষ্ঠা:সুৰভি.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৩৩ )


ধৰিলে। অন্তত ডাঙৰ ডাঙৰ ৰৌ, বাহ, মাছ আঠোটা কি দহোটামান ৰাখি বাকীবোৰ নিৰ্ম্মল বাবুৱে আকৌ পুখুৰীত এৰি দিবলৈ জলোৱাহঁতক কলত সিহঁতে তাকে কৰিলে। জালখন টানি বামলৈ তুলি আনিলত দেখা গল যে, মাছৰ লগতে তাত মানুহৰ লাওখোলা এটাও উঠিছে। সেইটো দেখি আমাৰ উৎসাহৰ সোঁতত ক্ষন্তেকলৈ এটা ভেটা পৰা যেন লাগিল। কি আপদ! মানুহৰ মূৰটো ওলালহি কৰ পৰা। এই বুলি আমি সকলোৱে কোৱামেলা কৰিবলৈ ধৰিলোঁ। মোৰ হাতত চাহ গছৰ লাখুটি এডাল আছিল, তাৰ আগেৰে আমাৰ আনন্দৰ বিঘিনি সেই লাওখোলাটো জালৰ পৰা এৰুৱাই পাৰৰ ফালে অলপ দূৰলৈ পেলাই দি মৎস্য-পূৰাণৰ সেই আধ্যাৰ সেইখিনিতে ওৰ পেলালোঁ।

 ভোজন ব্যৱহাৰৰ দ্বিতীয় আধ্যা ৰং ধেমালিৰে আৰম্ভণ কৰি ৰন্ধা বঢ়া মাছ মাঙহ পিঠা ভাত আদিৰে সমাপন কৰা গল। সেই আধ্যাৰ বহল বিৱৰণ দিয়াটো যুগুত যেন বিবেচনা নকৰোঁ; কিয়নো সেই লোভলগা বিৱৰণ শুনি আমাৰ পাঠকসকলব মুখৰ পানী অনাহকত পৰাৰ বাহিৰে আন একো নহয় আৰু সেই পানীৰ নিবৃত্তিৰ উপায় ততালিকে কৰিব নোৱাৰাৰ বাবে আমাৰ গাতে দোষ চুব।

 তৃতীয় বা শেহ আধ্যা হাতত লৈ কোৱা যাওক যে সেই ৰাতিটো আমি বাগিচাতে থাকি কটাবৰ মনস্থ কৰি ৰাতিৰ যোগ্য খোৱা শোৱাৰ আয়োজন কৰিলোঁহঁক৷ তাৰ ঘৰৰ ভিতৰত শুবৰ সুন্দৰ আয়োজন অনেক। গাখীৰৰ ফেনৰ নিচিনা শুকুলা নিৰ্ম্মল শোৱাপাটী, আৰু সেই শোৱাপাটীৰ মান ৰক্ষা কৰি চলিব পৰা সুন্দৰ গাৰু আৰু চাৰিওফালে চকি মেজ আদি উপকৰণ বিস্তৰ। ঘৰৰ ভিতৰ বাজ বগা শিলৰ মজিয়াৰে জকজকীয়া আৰু বাব ছাল বুৱা মাৰলি ৰহনসনা আৰু নানান নক্সা ছবি আদিবে চক্‌চকীয়া, নিৰ্ম্মল বাবুকে প্ৰমূখ্য কৰি সকলোৱে ঘৰৰ ভিতৰত সেই মনমোহা শোৱাপাটী বিলাকত শুবৰ দিহা কৰিলে; কিন্তু মই সেই মিহি বন্ধবস্তত উভঁহা উলিয়াই বাহিৰত পুখুৰীৰ পাৰৰ বগা শিলৰ খট্‌খটীৰ ওপৰত শুবলৈ ঠিক কৰিলোঁ। মোৰ মতলব আছিল এইটো যে, সুন্দৰ জোনাকত জুৰ ফুৰ্ফুৰীয়া বতাহ গাত লগাই স্বভাৱৰ বিচিত্ৰ শোভা চাই অনন্ত আকাশৰ অনন্ত গৌৰৱৰ ফালে একচিতে চকু দি বিশ্বেশ্বৰৰ বিশ্বব্ৰহ্মাণ্ডৰ লীলা অনুভৱ কৰিবৰ সুবিধা পাম। নিৰ্ম্মল বাবুৱে মোৰ এই অদ্ভুত বন্ধৱস্তত দোৰ্ঘোৰ আপত্তি উত্থাপন কৰিলে। তেওঁ কলে “ই হবই নোৱাৰে। বাহিৰত শুই গাত নিয়ব লগাই চেঁচা লগাই তোমাৰ কাইলৈ গা বেয়া কৰক আৰু তেতিয়া মোৰ গাত দায় লাগিব আৰু তাৰ বাহিৰে পুখুৰীৰ পাৰত সাপ-সুপ কত কি ৰাতি ওলাব