সমললৈ যাওক

পৃষ্ঠা:সুৰভি.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লাওখোলা

 কলিকতাৰ ফালে “বাগান বাড়ী” কাক বোলে, অসমীয়া মানুহৰ ভিতৰত ভালেমানে তাক “খায় নে কাণত পিন্ধে” ক’বই নোৱাৰো। ভিকহু বদনামব চেকাৰে কলা-মলা অসমত বিদেশী মানুহৰ আগত লাজ নলগাকৈ উলিয়াব পৰা অত্ তত্ এক ৰিঙৰ বাটত দুঘৰ এঘৰ মানুহৰ দুটা-এটা ঘৰৰ বাহিৰে সৰহখিনি অসমীয়া মানুহৰ ঘৰ, তাহানি পুৰাণত লিখা বকদল ঋষিৰ ঘৰ, আৰু শোৱাপাটী, বিদূৰৰ শয্যাৰে ৰিজাব পৰা; এনে স্থলত “বাগান বাড়ীৰ” বাতৰি তেওঁলোকৰ পক্ষে আদাৰ বেপাৰীৰ জাহাজব খবৰৰ নিচিনা বুলিব লাগে। মানুহৰ ঘৰুৱা আৰু বাহিৰা দুসাজ কাপোৰৰ দৰে, কলিকতাৰ প্ৰায় চহকী গৃহস্থৰ দুখন ঘৰ থাকে; এখনৰ নাম তেওঁলোকে “বসতবাড়ী” আৰু আন খনৰ নাম “বাগানবাড়ী” ৰাখিছে। বসতবাড়ী মানে সদায় বাস কৰি থাকিবৰ ঘৰ, আৰু বাগানবাড়ী মানে, বসত-বাড়ীত থাকোঁতে থাকোঁতে ভোটা হোৱা মন গা তালৈ লৈ গৈ শনাই চোকা কৰি আনিবৰ অৰ্থে ৰখা ঘৰ। চহৰৰ পৰা বেঙা মেলি পোৱা আঁতৰত, আম, কঠাল লিচি, কল, নাৰিকল আদি ফলৰ গছ, গোলাপ সেউতী মালতী জাঁই যুঁতি আদি ফুলৰ গছ, “ব্ৰুটন” “পাম”, পাণৰ মাহী আদি স্বদেশী বিদেশী নানা বৰণীয়া নানা ঠগীয়া পাতৰ গছ থকা, আৰু, ৰৌ-বাহু আদি পোহনীয়া মাছৰে ভৰা পুখুৰী এটা আৰু ইটাৰে সৈতে ধুনীয়া পকীঘৰ এটা বা দুটা থকা শুৱনী বাগিচা এখনকে বঙ্গলা মাতেৰে “বাগানবাড়ী” বোলে। বাগিচাৰ গৰাকীয়ে মাজে সময়ে দুই চাৰিজন সমনীয়া অন্তৰঙ্গ বন্ধু লগত লৈ, ঘোৰাৰ গাড়ীৰে বা ৰেল গাড়ীৰে নাইবা (নৈৰ পাৰত হলে) নাৱেৰে সেই বাগিচালৈ আহি, এই সংসাৰৰ বিস্তৰ দুখৰ-দিন-বালি ধুই এচিকটা আদচিকটা সুখৰ-দিন-সোণ উলিয়াই লৈ উপভোগ কৰে। তাত বৰশী নাইবা জাল আদি তামসিক অস্ত্ৰেৰে বাগিচাৰ ভিতৰৰ পুখুৰী নিবাসী আশ্ৰিত পালিত ৰৌ বাহু আদি মাছৰ প্ৰতি নিষ্কাৰণ বৈৰতাচৰণ কৰি সিহঁতক বধ কৰি সিহঁতৰ শ বোৰ পেটত