পৃষ্ঠা:সুৰভি.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩০)

মই নেজানো। আপনি হিন্দু, ধৰ্ম্মৰ সম্পর্কে যদি কিবা জানিলেহেঁতেন তেন্তে এনে ঠেক মনৰ কথা নকলেহেঁতেন। আপুনি জনা শাস্ত্র হিন্দু শাস্ত্ৰ নহয়, সেইখন ঢেঁকীথোৰা শাস্ত্র হে। হিন্দু শাস্ত্ৰই মানুহক খুন্দি গুড়ি কৰিবলৈ নকয়, ঢেঁকীথোৰা শাস্ত্ৰইহে তেনে ব্যৱস্থা দিয়ে। এই কথা সহজ জ্ঞানেই ৰিঙিয়াই ক'ব লাগিছে। কিন্তু, চিৰস্তাদাৰ ডাঙৰীয়া আৰু ফয়চলা-নবিচ ডাঙৰীয়া, আপোনালোকে এই দেশত এৰাগছেই গছ হৈছে, হওঁক তাত আপত্তি নাই, আৰু আপোনালোকে ভোটৰ-কচু মূৰ্খ পণ্ডিতেৰে সৈতে গোট খাই দুখীয়া লম্বোদৰক পিঙত দিছে দিয়ক, কিন্তু ঈশ্বৰে আপোনালোকক ইয়াৰ প্ৰতিফল দিব নিশ্চয় জানিব।” এই বুলি মই একেচাবেই তাৰ পৰা উঠি গুচি আহিলোঁ।