পৃষ্ঠা:সুৰভি.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২৯ )

নোৱাৰি। নৰিয়াত পৰি নোৱাৰা পক্ষত তেওঁ ডোমৰ হাতে ভাত খালে বুলি পৰাচিত হৈও জাত পাব নোৱাৰা হল নে? এনে অন্যায় ব্যৱস্হা কত দেখিছা কত শুনিছা। হিন্দু শাস্ত্ৰ হিন্দু ধৰ্ম্মব “দোহাই” দি আমাৰ দেশৰ এই পণ্ডিত নাম লোৱা মূৰ্খখনে মানুহক লৈ-লৈ থৈ-থৈ কৰি মাৰিব পায় নে বাৰু, কোঁৱাচোন বোপা? দুৰ্ভগীয়া লম্বোদৰক উদ্ধাৰ কৰিবলৈ কিবা দিহা কৰিব লাগিব বুলি আলচ কৰিবলৈহে মই এই পুৱাই আমাৰ চিৰস্তাদাৰ ডাঙৰীয়াৰ ওচৰলৈ আহিছিলোঁ। মানুহটোক পৰাচিত-তৰাচিত কিবা এটা কৰি ভাল কৰিব পাৰি-বা-চাবি; অন্ততঃ কৰাটো উচিত। আমাৰ আধা-খুন্দা পণ্ডিতহঁতে ব্যৱস্থা নিদিয়ে নাই, শাস্ত্ৰই দিব, ধৰ্ম্মই দিব, ঈশ্বৰে দিব, ন্যায় আৰু বিবেক বুদ্ধিয়ে দিব। তেওঁৰ মিছা বন্ধু-বান্ধৱে গোট খাই তেওঁক ধ্বংস কৰিবলৈ ধৰিছে। কিন্তু যেয়ে যিহকে কওক, আমি চেষ্টা কৰি মানুহটোক ৰক্ষা কৰিব লাগিব, নতুবা আমাক ঈশ্বৰে দণ্ডিব; এই কথা নিশ্চয়!”

 মৰ্ম্মেশ্বৰ।— “নিশ্চয়, নিশ্চয়, এশবাৰ নিশ্চয়! এইটো By Jove! বৰ অন্যায় কথা। What the world is coming to! – I beg your pardon মোক আপুনি ‘মাফিব’ অৰ্থাৎ ক্ষমা কৰিব বুজিছে নে, মই ইংৰাজী ফোলোৱাটো proper মানে উচিত হোৱা নাই, এইটো slip of tongue, অৰ্থাৎ জিভাৰ পিছলনি। মই কৈছিলোঁ, ইন্দ্ৰৰ শপত! সংসাৰখন কিহৰ ফালে গৈছে কব পাৰে নে? আমি প্ৰাণপনে মিষ্টৰ ডেকাক ভাল কৰিবলৈ চেষ্টা কৰিব লাগে। নিশ্চয়, নিশ্চয়।”

 এনেতে চিৰস্তাদাৰৰ খেলৰ ওৰ পৰিল। তেওঁ “কি হৈছে” বুলি সোধাত, মই লম্বোদৰ ডেকাৰ বিষয়ে কি কৰা যাব বুলি তেওক সুধিলোঁ। তেওঁ কলে “কৰিব একো নোৱাৰি। হিন্দু ধৰ্ম্মৰ মতে তেওঁৰ জাত গল, আৰু উদ্ধাৰ নাই। ডোমৰ ভাত খালে বামুণৰ জাত কত থাকে হেঁ?” মই উত্তৰ দিলোঁ, “যতে থকা উচিত ততে থাকে। অপাৰগ পক্ষত বামুণে ডোমৰ হাতে ভাত খালেও তেওঁৰ জাত নেযায়। যোৱা উচিত নহয়। হিন্দু ধৰ্ম্ম উদাৰ কৰ্ম্ম। আপোনাসকলে হে তাৰ মৰ্ম্ম নুবুজি তাক অনুদাৰ পাতিছে।”

 খেল-পগলা ফয়চলানবিচে দেখোন এনেতে মখ বজাই উঠিল, “নেথাকে হেঁ, জাত নেথাকে। তুমি হিন্দু, ধৰ্ম্মৰ বিষয়ে একোটো নেজানা। হিন্দু, ধৰ্ম্মৰ ওপৰত মতামত প্ৰকাশ কৰাটো তোমাৰ অনধিকাৰ চৰ্চ্চা।”

 মই খঙতে পকি-জকি উঠি উত্তৰ দিলো, “অনধিকাৰ চৰ্চ্চা যদি কাৰবাৰ, সেইটো আপোনাৰ হে। আপুনি খেলৰ বাহিৰে আন কিবা জানে বুলি