পৃষ্ঠা:সুৰভি.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২৮ )

 মর্ম্মেশ্বৰ।— “কওকচোন কওক!"

 "শুনা তেন্তে" এই বুলি কবলৈ ধৰিলোঁ।

 "মাহীমেলীয়া বৰুৱাৰ ঘৰৰ লৰা লম্বোদৰ ডেকাৰ নাম অৱশ্যে তুমি কলিকতালৈ যোৱাৰ আগেয়ে শুনিছিলা। তেওঁ' মহা বিপাঙত পৰিছে। আজি দুমাহমানৰ আগেয়ে এটা গোচৰৰ আপীল কৰিবলৈ তেওঁ গুৱাহাটীলৈ যাবলগীয়া হৈছিল। সেই সময়ত গুৱাহাটীলৈ বেহা বেপাৰ কৰিবলৈ যোৱা ডোমৰ নাও এখন পাই তেওঁ তাকৰীয়া খৰচতে কার্য সিদ্ধি হব ভাবি, নাৱৰীয়াহঁতক অলপ দিম-থম বালি বন্ধৱস্ত কৰি সেই নাৱতে গুৱাহাটীলৈ যাবলৈ বুলি উঠিল। নাওখন আহঁতগুৰি পাইছেগৈ, এনেতে বিধিৰ বিপৰীত বিধান, তেওঁৰ তিৰকঁপে জ্বৰ উঠিল। সেই জ্বৰেই নেৰানেপেৰাকৈ তেওঁক তিনি দিন অজ্ঞান কৰি পেলাই থৈছিল। জ্বৰটো অলপ কমিলত তেওঁ জ্ঞান পাই “ভোক ঔ পিয়াহ ঔ” কৰিবলৈ ধৰিলে। নাৱৰীয়াহঁত বিবুদ্ধি। সিহঁত ডোম, তেওঁ বামুণ; ডোমে বামুণৰ মুখত ভাত-পানী কেনেকৈ দিয়ে! সিহঁতে হাতযোৰকৈ ক'লে, “ডেকাদেও, আমি খুদিৰ মানুহ; কেনেকৈ আমি ৰন্ধাভাত আপোনাৰ মুখত দিওঁ; আমি বিবুধি সাগৰত পৰিছোঁ; অথচ আপোনাৰ গাতও শকতি নাই যে আপনি উঠি নিজে এমুঠি ভাত ৰান্ধি খায়।” নাৱৰীয়াহঁতৰ কথা শুনি লম্বোদৰে শেহাই শেহাই ক'লে, “ককাইহঁত। জাতটো পিছৰ কথা, সম্প্রতি ভাতৰ মণ্ড এটোপা মোৰ মুখত নিদিলে মোৰ প্রাণ যায়।” নাৱৰীয়াহঁতেও আলচ কৰি থিৰ কৰিলে যে তেওঁৰ মুখত ভাতৰ মণ্ড এটোপা দিয়াই কৰ্ত্তব্য, নতুবা সিহঁতৰ গাত ব্ৰহ্মবধ পাতক লাগিব। ইয়াৰ পিচতো সিহঁতে তেওঁক দিনৌ একো মুঠি ভাত ৰান্ধি খুৱাই ঢোকা-ভেজা দি নোমতে গুৱাহাটী পোৱালে নি। গুৱাহাটী পাই লম্বোদৰে চিনাকি মানুহ এঘৰত কিছুদিন থাকি লাহে লাহে গা টঙালে, আৰ তাৰ পিচত গোচৰৰ আপীল কৰি গোচব জিকি ঘৰলৈ উভতি আহিল! কিন্তু উভতি আহি তেওঁৰ অথান্তৰ মিলিল। তেওঁ ঘৰ পোৱাৰ দিন চেৰেকৰ পিচতে কেনেবাকৈ ঘুনুক-ঘানাক বাতৰি ওলাল যে, লম্বোদৰে গুৱাহাটীলৈ যাওঁতে বাটত ডোমৰ হাতে ভাত খালে। সকলোৱে এই কথা শুনি চাৰিওফালে বী-বিয়াবলৈ ধৰিলত, ৰাইজে মেলত বহি লম্বোদৰৰ জাত গ'ল বুলি তেওঁক এঘৰীয়া কৰি এৰিলে। লম্বোদৰ নিঠৰুৱা হ'ল, তেওঁৰ মূৰত হঠাৎ আকাশী চৰগ ভাগি পৰিল আৰু তেওঁৰ বন্ধু-বান্ধৱ মিতিৰ কুটম কোনোৱে তেওঁৰ ছাঁ নমৰা হ'ল। দৈৱদূর্বিপাকত পৰি লম্বোদৰ ডেকা আজি খুদ মগনিয়াৰ আৰু বাটৰ বলিয়া। আজিকালি তেওঁ বলিয়াৰ দৰে কিবাবিলাক বলকি বাটে বাটে টৌ টৌ কৰে ঘূৰি ফুৰে। বপপৰাৰ দশা দেখিলে চকুৰ পানী নুটুকি থাকিব