পৃষ্ঠা:সুৰভি.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২৪)

সুবিধাটোতো বৰ কম নহয়। বৰ চাহাবৰ খাটনিয়াৰ, ধন-বিতেৰে চহকী; এই বাগিচাত মানুহ-দুনুহ কুলি-পানিৰ ওপৰত চাহাবৰ পিচতে গৰাকী; জোঁকতলীত সকলোৰে মাজত ধন-বিত প্ৰতাপৰ ডাঙৰ। যোগাই হাজৰিকাই মোক দেউতা বুলি মোৰ আগত সেও হব লাগিব। যোগাই! যোগাই! তোক দেখিম! ধান সৰিয়হ এগাল বেচি তোৰ গোটাচেৰেক পইচা হৈছে; তাৰে বলত তই মোক মানুহ যেনকে নেদেখ! ৰ, তোৰ মূৰৰ টিকনিত ধৰি মই তোক চোচোৰাই লৈ ফুৰিম। তেতিয়াহে বুজিবি, যেতিয়া মই ঘোঁৰা গাড়ীত উঠি বংপুৰ চহৰত গা ঘেলাই ফুৰি ফকন বৰুৱাহঁতৰ চকুত জালুক বাটি দিম। *** আও, ইমান বিলাক ৰূপ পাম! ইমান বিলাক ৰূপ! এহেজাৰ টকা! এশ, দুশ, তিনিশ, চাৰিশ, পাঁচশ, ছশ, সাতশ, আঠশ, নশ, দহশ, হেজাৰ টকা মোৰ কোন পুৰুষে চকুৰে দেখিছিল? — গাভৰু, বাঁৰী ছোৱালী ঘৰত ৰখা যে কি বিপদ তাক কোনে নেজানে। কোন দিন কি বাদ কুবাদ ওলায় কোনে জানে। তেতিয়া সোপাই এনেই “সোপায়ং নমঃ" হ'ব; ইকুল সিকুল দুই কুল যাব। মইতো তাইক দুখত পেলাবলৈ যোৱা নাই। বৰচাহাবৰ মেম! বাপ ৰে বাপ! ৰাণীৰ নিচিনাকৈ অলঙ্কাৰ-পাতি পিন্ধিব, টকা-কড়ি খৰচ কৰিব, খাব-দাব থাকিব। লগে লগে আমি ঘৰে ঘৰোৱাহ বৰ মানুহ। এতিয়া যেয়ে যি কয় কওঁক, মোৰ পইচা হলে তেতিয়া সকলোৱে আগৰ পবা গুৰিলৈকে আহি মোৰ ভৰিৰ তলুৱা চেলেকিব। *** শেহত মই বাপিৰাম লগুৱাৰ বুধিত, পৰামৰ্শত, হুকুমত চলিব লাগিব নে কি? ছিঃ! ছিঃ! এইবাৰ বৰচাহাবে তাক পালে একেগোৰেই তাৰ পেটৰ জৰকাপৰি ফালিব। জুইৰে সৈতে ধেমালি!"

 ভূধৰে এইদৰে মনে মনে ভাবি থাকোঁতেই হঠাৎ সৰুৰাম হাজিৰা মহৰী ঊধাতুখাই লৰি আহি তেওঁক বাতৰি দিলে যে “বৰচাহাবে দহ লম্বৰ দাগৰ চাহ বাগিচা ডোখৰ চাই বঙ্গলাৰ ফালে উভতি আহোঁতে নিজান বাট এডোখৰতে কোনোবাই টঙনিয়াই বৰচাহাবৰ ভৰি ভাঙ্গিলে, আৰু মূৰটো ফালিলে। ওচৰতে চাহাবৰ ঘোৰাটোও কঁকাল ভাগি পৰি চট্ফটাই আছে। আপুনি লৰি আহক, বাগিচাত হাহাকাৰ পৰি গৈছে, কোনে এই কাম কৰিলে, তাক বিচাৰি মানুহে চাৰিউফালে পিয়া-পি লগাইছে, কিন্তু পোৱা নাই।"

 বৃত্তান্ত শুনি ভূধৰৰ আৰু বুজিবলৈ বাকী নেথাকিল যে, তেওঁলোকব বুঢ়া লগুৱা বাপিৰামৰে এই কাম। সেই কথা মনতে ৰাখি ভূধৰ ঘটনাস্থললৈ লৰি গ'ল।

 ইফালে বাপিৰাম পলাই আহি বংপুৰৰ থানাত খবৰ দিলে যে, সি