পৃষ্ঠা:সুৰভি.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২৩)

৫। আধ্যা।


 বাপিৰাম।- “শুনিছা নে সৰু দেউতা। স্কট চাহাবে মোক ছাপৰাচী লগাই ধৰাই নি বঙ্গলাৰ ভিতৰ সুমাই বিনাহকতে চৰ, গোৰ আৰু, ভুকু কেইটা যে মাৰিলে, তাত মোৰ বিশেষ বেজাৰ নাই; কাৰণ আমি ছাল ছিগা ভিকহু গোলাম মানুহ, ডাঙৰ মানুহৰ হাতত হকতেই হওক বা অনাহকতেই হওক, কিলটো গোৰটো চৰটো ভুকুটো খাই থাকিবলৈকে জনম ধৰিছোঁ; কিন্তু সি গৰু খোৱাই যে গণ্ডপ মাৰি ক'লে, বোলে সি তিলকা আইদেওক নি মেম কৰিবই কৰিব, সেই কথা হে মোৰ বুকুত শাল সোমোৱাদি সোমাইছে! মাৰ কিলৰ অন্ত পৰিলত মই বগা বঙ্গালক কৈ আহিছোঁ যে, মই কাঁড়ীৰ ঘৰৰ ল'ৰা, যদিও ধনে মানে ক্ষমতাই মই তাৰ ভৰিৰ ধূলি এটাৰ যুইগ নহওঁ, তথাপি মোৰ শৰীলত জীৱ থাকে মানে সেই কাম সি কৰিব নোৱাৰে। মোৰ কথা শুনা সৰু দেউতা! তুমি এই পাষণ্ডৰ চাকৰি এৰি আজিয়েই এই নৰক ঠাইৰ পৰা তোমাৰ তিৰোতা আৰু ভতিজা জীয়েৰাক লৈ গুচি বলা। এক তিলও তুমি ইয়াত নেথাকিবা। পৃথিৱীত ধৰম কৰম একেবাৰেই লোপ পোৱা নাই। মান মৰাণব মলুক গৈ কুম্পানীৰ মলুক হৈছে। কুম্পানীৰ মলুকত ধৰম এতিয়াও আছে। তুমি ঘৰলৈ গৈ খেতি-বাতি কৰাই, আৰু আন একো নোৱাৰা যদি কৰম কৰাই ভাত এগাল মোকোলাই খাব পাৰিবা। খাটনিয়াৰ বৰদেউতাৰ জীয়েক তোমাৰো জীয়েৰা। মহামেলেচৰ হাতত জীয়েৰাক দি ৰৌ-ৰৌ নৰকলৈ নেযাবা। মই মূৰুখ গৰু মানুহ; আৰু তোমাক কি ক'ম। এতিয়াই তুমি ইয়াৰ পবা আইদেওহঁতক লৈ ঘৰলৈ গুচি যোঁৱা।”

 ভূ।— “তোৰ একিল খায়ো এবুধি নেচাপিল দেখিছোঁ। তই মোৰ ওপৰত কি ডঁবি কৰোঁতা ওলাইছ অ? মোক বুজনি দিবলৈ আহিছ? ভালে ভালে মোৰ আগৰ পৰা তই আঁতৰ হ।”

 “বাৰু, সৰুদেউতা, মই আঁতৰ হলোঁ," এই বুলি বাপিৰামে আঠু কাঢ়ি ভূধৰক এটা সেৱা কৰি ততালিকে তাৰ পৰা উঠি ক'ৰবালৈ গুচি গ'ল।

৬। আধ্যা।

 ভূধৰ।— “কালি বাপিৰামৰ কথাবিলাক ঠহৰ ঠহৰকৈ মোৰ আমঠুত সঁৰকি গৈছিল, যদিও শেহত মই তাক ডাবি দি গালি পাৰি খেদি দিলোঁ। সি কালিৰ পবা কলৈ গ'ল ক'ব নোৱাৰোঁ। কিন্তু, সি কিবা এটা কাণ্ড কৰিব বুলি মোৰ ভয় লাগিছে। মই নিশ্চয় অন্যায় কাম, পাপ কাম, জঘন্য কাম কৰিবলৈ আগবাঢ়িছোঁ। মোৰ পৰকাল গ'ল! মই নিগমে বুৰিলোঁ! -–- গ'ল, গ'ল, পৰকালটো নো কোনে দেখিছে, ক'ত আছে, কোনে ক'ব পাৰে? কিন্তু ইহকালৰ