পৃষ্ঠা:সুৰভি.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২৫)

দীঘলিটিং বাগিচাৰ বৰচাহাবক মাৰি আহিছে। তাক ফাঁচী দিয়ে বৰশীত দিয়ে যি কৰে চৰকাৰৰ ঘৰৰ পৰা সোনকালে কৰক।

৭। আধ্যা।

 বাপিৰামে যদিও স্কট চাহাবক একেবাৰেই মাৰি থৈ আহিছিলোঁ বুলি ভাবিছিল, কিন্তু চাহাব নমৰিল। বাগিচাৰ ডাক্তৰ আৰু জিলাৰ ডাঙৰ ডাক্তৰৰ চিকিৎসাত তেওঁ এমাহৰ ভিতৰতে আৰোগ্য হৈ উঠি, চিৰকাললৈ ভাৰতবৰ্ষ এৰি ঘূনীয়া শৰীৰ লৈ বিলাতলৈ গুচি গ'ল। বুঢ়া বাপিৰাম তিনি বছৰৰ নিমিত্তে বৰফাটকলৈ গ'ল। ভূধৰে নিজৰ ঘৈণীয়েক আৰু ভতিজা জীয়েক তিলকাক লৈ চাকৰী ইস্তাফা দি জোঁকতলীলৈ উভতি আহি খেতি-বাতি কৰাই পৈতৃক ব্যবসায় পূজা-সেৱা আদি কৰি সুখেৰে জীৱন-যাত্ৰা নিৰ্বাহ কৰিবলৈ ধৰিলে। তিলকাৰ হঠাৎ জ্ঞানচকু মুকলি হ'ল। ঈশ্বৰ উপাসনা, পৰৰ উপকাৰ, দয়া ধৰম আৰু পৱিত্ৰতাক কায়মনোবাক্যে তেওঁ সয়ম্বৰ কৰি তেওঁৰ ইহকালৰ নিষ্ফল জীৱন সফল কৰিলে। বাপিৰামে তিনি বছৰ আনন্দ মনেৰে ফাটক খাটি তাৰ পৰা ওলাই আহি আকৌ জোঁকতলীৰ খাটনিয়াৰৰ ঘৰত তাৰ আগৰ ঠাই আগতকৈও গৌৰৱেৰে পূৰাবলৈ ধৰিলে। বাপিৰাম উভতি আহিলত ভূধৰে তাক আকোঁৱাল মাৰি ধৰি কলে, “বাপিৰাম তাই তুমি মোৰ বৰ ককাইতকৈ বৰ।"


________