ভূ! – "তোক কোনে ক'লে?” বাপি। — “যেয়ে কওক নকওক, সঁচা নে মিছা, কোৱা?” ভূ। – “দেখ বাপিৰাম, তই লগুৱা মানুহ লগুৱাৰ দৰে থকাই ভাল। ঘৰৰ বন-বাৰী তোৰ কাম। এইবিলাক বিষয়ত তোৰ কথা ক'বৰ আৰপ ভূ-ভা লৈ ফুৰিবব কাম নহয়।"
বাপি।— “আছে কাম। শুনা সৰুদেউতা। তোমাক কেঁচুৱাৰ পৰা তুলি ডাঙৰ দীঘল কৰিলোঁ। আজি তিনি পুৰুষৰ পৰা তোমালোকৰ ঘৰৰ চাউল খাই লগুৱালি কৰি মোৰ ঘৰ মানুহ। তোমালোকৰ ঘৰৰ অন্নেৰে বাপিৰামৰ তেজ মঙহ৷ এনে স্থলত তুমি আজি মোৰ এনেষাৰ কথা ক'ব নেলাগিছিল। ক'লা, ক'লা, মই তাত নেলাগো। কিন্তু, এই কথা সৰুদেউতা তুমি নিশ্চয় জানিবা, তুমি যি পাপ কাম কৰিবলৈ ওলাইছা, বাপিৰামব এই বুঢ়া গাত তোমাৰ ঘৰৰ চাউল খাই হোৱা এটোপা তেজ থাকে মানে, সি হ'ব নোৱাৰে। খাটনিয়াৰৰ ঘৰৰ কৌটিকলীয়া নাম বাপিৰামে সি জীয়াই থাকোতে নিগমে বুৰিবলৈ নিদিয়ে। চন্দ্ৰ সূৰ্য্য সাক্ষী হ'বাহঁক! সৰু দেউতা, তোমাৰ ভৰি ছুই মই সইত খাই কৈছোঁ, যদিও গোলামী কৰি ভাত খাঁও, যদিও বামুণৰ ভৰিৰ ধূলিৰ যুইগ মই নহওঁ, তথাপি জানিবা বাপিৰাম একেষাৰ কথাৰ হে মানুহ।”
ভূ।— "যা যা, এইবোৰ মিছা কথা তোক কোনে ক'লে ক'ব নোৱাৰোঁ, মই তেনে কাম কৰিবলৈ বলিয়া হোৱা নাই।”
এই বুলি বাপিৰামক প্ৰবোধ দি পঠিয়াই, ভূধৰে গধূলি গৈ স্কট চাহাবক ক'লে যে, তেওঁব বুঢ়া লগুৱাটোৱে সেই কথাৰ গম পাই মহা গোলমাল কৰিছে।
স্কট।— “হো— হো – হো! ভূধৰ, তই বহুৎ ভয়াতুৰ মানুহ আছে। নৌকৰলৈ ভয় কৰিছ, আৰু হেই কথা আহি মোৰ আগত কৈছ? তোৰ লাজ নাই লাগিছে?”
ভূ।— “নহয় হজুৰ, সি যেনেতেনে লগুৱা নহয়, সি যি কয় তাকে কৰিব, আৰু ঠিক এই কামত ব্যাঘাত জন্মাব।”
স্কট।— “তহঁত নেটিভ মানুহ কালা আদমি। তহঁতৰ আউৰৎকা মাফিক ডৰ। গোৰালোক, চাহাবলোক হেই চব ডৰ নাহি কৰে। হুন, তোৰ হেই নৌকৰকু কাইলৈ তই দুপৰীয়া হামাৰ বঙ্গলালৈ পঠিয়াই দিবি; হামি ছাপাৰাচী ভেজি দিবে। হামাৰা হুকুম খিলাপ কৰিবে তো তোক হামি হামাৰ বাগিচাচে নিকাল দিবে।”
ভূ!— “বহুৎ আচ্ছা হজুৰ, দিম পঠিয়াই।”