পৃষ্ঠা:সুৰভি.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২)

 পুথি পঢ়া বন্ধ কৰি কয়েদীটোক কাষলৈ মাতি আনি তাৰ কি হৈছে কিয় কান্দিছে বুলি সুধিলোঁ। এইখিনিতে কৈ আসোঁৱাহ মাৰি থওঁ যে, জেল দাৰোগাৰে সৈতে বন্দবস্ত কৰি, দিন দেকমানৰ পৰা বৰফাটকৰ কয়েদী গোটাচেৰেক অনাই মোৰ ঘৰৰ আলি-পদূলি আৰু চোতালৰ ঘাঁহ-বনবোৰ চিকুনাবৰ দিহা কৰিছিলোঁ। সেই কয়েদীকুলিটোও সিহঁতৰ ভিতৰৰে এটা। "তোৰ কি হৈছে ক?” বুলি আকৌ তাক সোধাত সি উত্তৰ দিলে "দেউতা! হঠাৎ বন্দীৰ কান্দোন ওলাইছিল; বন্দীৰ অপৰাধ মৰ্ষণ কৰক।” মই কলোঁ কিয় তোৰ কান্দোন ওলাইছিল ক'। ভয় নকৰিবি; মই একো জগৰ নধৰো; নিশ্চয় তোৰ কান্দোনৰ কাৰণ আছে।”

 “দেউতাই যদি জগৰ নধৰোঁ বুলিছে, আৰু, বন্দীক কবলৈ হুকুম দিছে, তেন্তে কওঁ, শুনক। দেউতাই এতিয়া যে গীতাৰ শ্লোকটো মাতিছিল, সেইটো শুনি মোৰ আগৰ কথা মনত পৰি কিবা এটা ভাব খেলাই হঠাৎ কান্দোন ওলাই গ'ল; চম্ভালিব নোৱাৰিলোঁ দেউতা।"

 মই আকৌ তাক নিৰ্ভয় দি কিয় তাৰ তেনে ভাব হৈছিল, সকলো কথা ভাঙ্গি- পাতি ভালকৈ ক'বলৈ কোৱাত, সি “দেউতাৰ যি আজ্ঞা" বুলি হাতযোৰ কৰি ক'বলৈ ধৰিলে।

 "দেউতা, মই অধম পাপীৰ ঘৰ পছিমৰ গোৱালিয়ৰ জিলাত। মোৰ নাম ভগবানদাস বাবাজী। সৰুতে মই সন্ন্যাস গ্ৰহণ কৰি সন্ন্যাসী হলোঁ। আই-বোপাই, ইষ্ট-কুটুম্ব মোৰ সকলো আছিল। কিন্তু, মই কাৰো হকা-বধা নুশুনি পৰম ধাৰ্মিক অগাধ পণ্ডিত ঈশ্বৰদাস পুৰীৰ ওচৰত মন্ত্ৰ ললোঁ, আৰু তেওঁৰ "চেলা” হৈ দেশ বিদেশৰ নানা তীৰ্থ ভ্ৰমণ কৰিবলৈ ধৰিলোঁ। গুৰুজীৰ মোৰ ওপৰত বিশেষ কৃপা আছিল গুণে মই অলপ কালৰ ভিতৰতে অনেক শাস্ত্ৰত পঁড়িত হৈ উঠিলোঁ। বেদ বেদান্ত আৰু, ঘাইকৈ শ্ৰীমদ্ভাগৱত আৰু গীতাত মই সুনিপুণ হলোঁ। শ্ৰীমদ্ভাগৱত শাস্ত্ৰ মই পৰম ভক্তিভাবে পঢ়িলোঁ। আৰু মোৰ শুকান অন্তৰত ভক্তি-প্ৰেমৰ নিজৰা ববলৈ ধৰিলে। দেউতাই পঢ়া গীতা-শাস্ত্ৰ মোব কণ্ঠস্থ আছিল। গঙ্গা, গয়া, কাশী, মথুৰা, বৃন্দাবন, বদৰিকাশ্ৰম, পুষ্কৰ, আন কি ৰামেশ্বৰ সেতুবন্ধলৈকো মই গৈছিলোঁ। এনেতে মোৰ দুৰ্ভাগ্যক্ৰমে গুৰুজী মহাৰাজৰ দেহান্তৰ ঘটিল। গুৰুৰ পুণ্যৰ ডৌকাৰ ঢাকোন মোৰ মূৰৰ ওপৰত নাইকীয়া হ’ল।