পৃষ্ঠা:সুৰভি.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

গীতা

“ধ্যায়তো বিষয়ান্ পুংসঃ সঙ্গস্তেষূপজায়তে।
সঙ্গাৎ সঞ্জায়তে কামঃ কামাৎ ক্ৰোধোঽভিজায়তে॥
ক্ৰোধাদ্ভৱতি সন্মোহঃ সন্মোহাৎ স্মৃতিবিভ্ৰমঃ।
স্মৃতিভ্ৰংশাদ্‌ বুদ্ধিনাশো বুদ্ধিনাশাৎ প্ৰণশ্যতি॥

 মাঘৰ বিহুৰ দিনা পুৱাই গা ধুই আধা পোৰা মেজি এটাৰ কাষত মুঠাৰ কঠ এখনত বহি কাঠৰ হেঙুলীয়া ঠগা এখনৰ ওপৰত সাঁচিপতীয়া শ্ৰীমদ্ভাগৱদ্‌গীতা পুথি এখন মেলি লৈ, সুৰ ধৰি ডাঙৰকৈ শ্লোক মাতি তাৰ অৰ্থ ব্যাখ্যা কৰিব লাগিছোঁ; একান্তমনে গীতাৰ সেই ব্যাখ্যা শুনি মেজিকাষৰীয়া ডেকা-বুঢ়া শ্ৰোতাসকলৰ মন জ্ঞানযোগ, কৰ্ম্মযোগ আৰু ভক্তিযোগত যোগ হৈ ধৰ্ম্মব ভাবত সিজিব লাগিছে, আৰু তপত ছাই আৰু পকা আঙঠাৰ ভিতৰত ল’ৰাহঁতে সোমাই দিয়া সমসাময়িক কেঁচা মোৱাঁ আলু, কাঠ আলু আৰু, কেঁচা আপইতা বাঁহৰ চুঙাত খুন্দি ঠাঁচি ভৰোৱা বৰা চাউলৰ পিঠাও লগে লগে জুইৰ ভাপত সিজি যাব লাগিছে; এনেতে, যাত্ৰী লৈ যোৱা ৰেলগাড়ীয়ে হুচ্ হুচ্ কৰে গৈ থাকোঁতে বাটত ক্ষন্তেকলৈ গাড়ী ৰখাবলগীয়া কোনো “ষ্টেচন” পোৱাদি ওপৰত কোৱা শ্লোকটোত উপস্থিত হোৱাহি গ’ল। শ্লোকটো সুৰ লগাই মাতি অঁতাইছোঁ হে মাথোন, হঠাৎ কোনোবাই উচুপি উচুপি কন্দা যেন মোব কাণত পৰিল। “কাৰ নো কি হ'ল আকৌ?” বুলি মই মূব তুলি চাই দেখিলোঁ যে, ওচৰতে মোৰ ঘৰৰ চোতালৰ কেয়াঁবন চিকুনাই থকা কয়েদী কুলি এটাই কান্দিছে। কি আহুকালৰ কথা!